অসম লাইভ ২৪ঃ মাজে-মধ্যে নহয়, প্ৰতিদিনে গো-মূত্ৰ সেৱন কৰে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে। অক্ষয় কুমাৰে নিজে জনাইছে গো-মূত্ৰ সেৱনৰ কথা। গো-মূত্ৰ সেৱনত কোনো আপত্তি নাই বলীউড তাৰকাগৰাকীৰ। ইনষ্টাগ্ৰামত নিজেই জনাইছে এই কথা। অক্ষয় কুমাৰ, হোমা কুৰেশ্বি আৰু ডিস্ক’ভাৰী চেনেলৰ ‘মেন ভাৰ্ছেজ ৱাইল্ড’ শ্ব’ৰ জনপ্ৰিয় বিয়েৰ গ্ৰিলছৰ সৈতে এটা লাইভ শ্ব’ত অক্ষয় কুমাৰৰ গোপন কথা ফাদিল হ’ল। অক্ষয়ৰ মুখত সেই কথা শুনি হতবাক হৈ পৰিল হোমা কুৰেশ্বি। গো-মূত্ৰক লৈ ভাৰতত পূৰ্বেই ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। কট্টৰপন্থী হিন্দু সংগঠন হিন্দু মহাসভাই দিল্লীত গো-মূত্ৰৰ পাৰ্টী কৰিছিল। য’ত বহুসংখ্যকে গো-মূত্ৰ পান কৰিছিল। কিন্তু তাৰকাসকলৰ ভিতৰত কোনোবাই যে গো-মূত্ৰ সেৱন কৰে সেয়া এতিয়ালৈকে জনা হোৱা নাছিল। অক্ষয় কুমাৰেই প্ৰথমগৰাকী বলীউড তাৰকা যিগৰাকীয়ে প্ৰথম গো-মূত্ৰ সেৱন কৰাৰ কথা স্বীকাৰ কৰিলে। উল্লেখযোগ্য যে কেৱল গো-মূত্ৰই নহয়, অক্ষয় কুমাৰে হাতীৰ গোবৰৰ পৰা প্ৰস্তুত চাহো খাইছে। আৰু সেই চাহ খাবলগা হৈছিল বিয়েৰ গ্ৰীলছৰ শ্ব’ত অংশ লোৱাৰ পাছত। লাইভ শ্ব’টোত হোমা কুৰেশ্বিয়ে অক্ষয়ক প্ৰশ্ন কৰে- হাতীৰ গোবৰৰ পৰা প্ৰস্তুত কৰা চাহ খাই কেনেকুৱা লাগিল। বিয়েৰৰ প্ৰশ্ন আছিল সেই চাহ খাবলৈ বেয়া আছিল নেকি? অক্ষয় কুমাৰৰ উত্তৰ আছিল- মোৰ কোনো অসুবিধা হোৱা নাছিল। মইতো সদায় গো-মূত্ৰ সেৱন কৰো আয়ুৰ্বেদৰ কাৰণে। পৰৱৰ্তী সময়ত বিয়েৰ গ্ৰীলছৰ অনুষ্ঠানৰ প্ৰ’ম’ত দেখা যায় অক্ষয় কুমাৰে হাতীৰ গোবৰৰ চাহ খোৱা, প্ৰকাণ্ড প্ৰকাণ্ড গছত বগাই যোৱা, নদীৰ পৰা দৌৰি দলঙলৈকে যোৱা এনেবোৰ দৃশ্য। অক্ষয় কুমাৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়েৰ গ্ৰীলছৰ ‘মেন ভাৰ্ছেজ ৱাইল্ড’ত শ্ব’ত অংশ লৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ