অসম লাইভ ২৪ : ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে ষ্টাৰ কেম্পেইনাৰ। তাৰকা প্ৰচাৰকৰ তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ অধ্যক্ষ জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে ৰাজনাথ সিং, নীতিন গাডকাৰী, নৰেন্দ্ৰ সিং টোমৰ, স্মৃতি ইৰাণী, অৰ্জুন মুণ্ডা, ড০ জিতেন্দ্ৰৰ সিং, অনুৰাগ সিং ঠাকুৰ, বৈজয়ন্ত জয়পাণ্ডা, মুক্তাৰ আব্বাছ নাকভি। তদুপৰি সাংসদ দিলীপ শইকীয়া, পুনম মহাজন, মনোজ তিৱাৰী, ৰবি কিষাণ, লকেত ছেটাৰ্জী তাৰকা প্ৰচাৰকৰ তালিকা আছে। ইয়াৰ উপৰি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষ, বিহাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্বাহনৱাজ হুছেইনৰ নাম তাৰকা প্ৰচাৰকৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ