অসম লাইভ২৪ঃ
ৰহস্যৰে ভৰপূৰ আমাজন বৰ্ষাৰণ্য। ঘন জংঘলেৰে ভৰা আমাজন ইমান বেছি ভয়ংকৰ যে, তাত জীৱ এটা মুহুৰ্ত জীয়াই থকাটোও অসম্ভৱ। হিংস্ৰ জন্তুৰ লগতে বৰ্ষাৰণ্যখনত থকা বিষাক্ত উদ্ভিদে যিকোনো মুহুৰ্ততে কাঢ়িব পাৰে জীৱৰ প্ৰাণ। সেই ভয়ংকৰ অভয়াৰণ্যতে প্ৰায় ৪০ দিনৰ পূৰ্বে অৰ্থাত
১ মে’ত কলম্বিয়াত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ কিছু সময়ৰ পিছতেই যান্ত্ৰিক বিজুতি ঘটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৩ জনকৈ ব্যক্তিয়ে। সন্ধানহীন হৈ আছিল চাৰিটাকৈ শিশু। যাৰ ভিতৰত আছিল ১৩, ৯, ৪ বছৰীয়া শিশুৰ লগতে মাত্ৰ ১১ মহীয়া এটি শিশু। উদ্ধাৰ হৈছিল মাতৃ,পাইলট আৰু এজন স্থানীয় নেতাৰ মৃতদেহ।
আমাজনৰ জংঘলত উদ্ধাৰ হৈছিল মৃতদেহ আৰু বিমানৰ ধ্বংসাৱেশ। ইয়াৰ পি্ছতে সন্দেহ কৰা হৈছিল যে, আমাজনৰ ঘন জংঘলতেই আছে নিৰুদ্দিষ্ট শিশুকেইটি। দুৰ্ঘটনাৰ পিছতেই কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে এটা বৃহত সেনা বাহিনীৰ দলক নিৰুদ্দিষ্ট চাৰি শিশুৰ সন্ধানৰ বাবে দ্বায়িত্ব অৰ্পন কৰে। লগত স্নীফাৰ ডগ লৈ আমাজনৰ ঘন জংঘলত চলিল সেনাৰ উদ্ধাৰ অভিযান। অভিযানত সহায় কৰিলে আমাজন জংঘলৰ প্ৰতি সমক্য জ্ঞান থকা ৭০ গৰাকী জনজাতীয় লোকে। ঘন জংঘলৰ মাজত সেনাৰ অভিযানত চলি আছিল যদিও প্ৰাথমিক পৰ্যায়ত কোনো ধৰণৰ সফলতা লাভ কৰা নাছিল সেনাৰ দলে। কিন্তু জংঘলৰ মাজত লাহে লাহে উদ্ধাৰ হোৱা গাখীৰৰ বটল. শিশুৰ পদচিহ্ন, ডাইপাৰ, আধাখোৱা ফলে জংঘলত শিশুৰ উপস্থিতিৰ উমান দিছিল।
জংঘলত থকা হিংস্ৰ জীৱ-জন্তু, সাপ আদিৰ লগতে বিষাক্ত উদ্ভিদৰ আৰু হঠাতে অহা বৰষুণ এই অভিযানত যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছিল যদিও নিজ লক্ষ্যত অটল আছিল কলম্বিয়ান সেনা। সেনাই জংঘলৰ মাজত নিৰুদ্দিষ্ট শিশুৰ আত্মীয়ৰ বাৰ্তাও বজাই শুনাইছিল। যাতে শিশু সকলে উদ্ধাৰ অভিযানৰ ওমান পায়। জংঘলৰ মাজে মাজে চলা অভিযানৰ অন্তত অৱশেষত জংঘলৰ মাজত আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰুদ্দিষ্ট চাৰিটিকৈ শিশু। ৰাষ্ট্ৰপতি গষ্টাৱো পেট্ৰ’য়ে সংবাদ মাধ্যমক জনায় এই কথা। বৰ্তমান চিকিত্সা চলি আছে উদ্ধাৰ হোৱা চাৰি শিশুৰ।
কিন্তু আমাজনৰ ঘন জংঘলত কেনেদৰে এই কণমানি চাৰি শিশুয়ে ৪০ দিনলৈ সহাৱস্থান কৰাটো কোোনো চমতকাৰতকৈ কম নহয়। এই সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই যদিও শিশুকেইটিৰ ককাকে জনোৱা মতে জনজাতীয় হোৱাৰ বাবে শিশু কেইটিয়ে মাছ চিকাৰ কৰা অথবা খাদ্য সংগ্ৰহ কৰা পূৰ্বতে জানিছিল। আৰু যিয়ে তেঁওলোকক জীয়াই থকাত সহায় কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ