অসম লাইভ২৪ঃ বহাগত জেতুকা লোৱাটো অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা পৰম্পৰা। ৰঙালী বিহুত জেতুকা লোৱাটো অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংগ।
ৰঙালী বিহুৰ বাহিৰেও বছৰৰ আন আন সময়ত অসমৰ মানুহে ৰং লগাবলৈ বা বিভিন্ন ৰোগৰ ঔষধ হিচাপে জেতুকা ব্যৱহাৰ কৰে। জেতুকাৰ আছে বহু ঔষধি গুণ।
জেতুকাৰ ঔষধি গুণ অতি আশ্চর্যজনক আৰু চমৎকাৰ। ঠাইভেদে জেতুকাৰ বিভিন্ন নাম আছে। ইংৰাজীত জেতুকাক হেনা (Henna) বোলা হয়। ইয়াক অসমীয়াত জেতুকা, সংস্কৃতত মদায়নটিকা, হিন্দীত-মেহেন্দি, মাৰাঠীত মেহাদি। তেলেগুত-গৰান্টা, মালায়ালামত মেটলান্সি বোলা হয়। ইয়াৰ বৈজ্ঞানিক নাম- লাউচনিয়া ইনাৰমিচ।
ৰঙালী বিহুত অতীজৰে পৰা অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে৷ ৰঙালী বিহুৰ আগদিনা অর্থাৎ চ’ত মাহৰ দোমাহীৰ দিনা ৰাতি আহাৰ খোৱাৰ পিছত খুন্দি লোৱা জেতুকা হাত-ভৰিত বন্ধাটো এক পৰম্পৰাই৷ জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেহৰাজ, ডালিমৰ কুমলীয়া পাত, বৰং থেকেৰা, পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেইটাপালমান ৰস আৰু চাহপাতৰ ৰস মিহলাই হাতৰ তলুৱাত গোটেই ৰাতিটো বা কেইঘণ্টামান বান্ধি ৰাখিলেই অতি ধুনীয়া ৰং উঠে।
জেতুকাৰ বনৌষধি গুণবোৰ
ছালৰ ৰোগৰ বাবে জেতুকা এবিধ মহৌষধ। হাতৰ বা ভৰিৰ তলুৱাৰ হোৱা খজুৱতি নিৰাময়ৰ বাবে জেতুকা এবিধ উপকাৰী ঔষধ৷ নখচুকীয়া, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ জেতুকাৰে নিৰাময় কৰিব পাৰি। জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয় আৰু উফিৰ পৰাও বাচি থাকিব পাৰি।
জেতুকাৰ ৰসে ছাল মসৃণ কৰে৷
শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ পানীত জেতুকা পাতৰ ৰস দিব পাৰে৷ পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব। বনৌষধি বিশেষজ্ঞ প্ৰয়াত গুণাৰাম খনিকৰ দেৱে এই মিশ্ৰণেৰে ‘দুৰ্গন্ধনাশক’ বড়ি তৈয়াৰ কৰি বহু লোকক আৰোগ্য কৰিছিল। তেওঁলোকৰ ঘাম আৰু শৰীৰৰ দুৰ্গন্ধ নাশ হৈছিল।
মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়। বহুসমত ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। দিনে দুই-তিনিবাৰ পাঁচ-ছয় দিন ঘঁহিলেই এই সমস্যাৰ সমাধান হয়৷
জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়। ইয়াৰ উপৰিও আন বহুতো ৰোগত জেতুকাক বন দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ