অসম লাইভ২৪ঃ উত্তৰাখণ্ডৰ অলকানন্দাত নদীৰ তীৰত ভয়াৱহ দুৰ্ঘটনা।
‘নমামী গংগা’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ ফাটি ১৫জন লোকৰ মৃত্যু।
নিহতসকলৰ ভিতৰত অধিকাংশই শ্ৰমিক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত আহত হৈছে কেইবাজনো লোক।
উত্তৰাখণ্ডৰ চামোলি জিলাত বুধবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।
নমামী গংগা প্ৰকল্পৰ কাম চলি থকা অৱস্থাতেই এই দুৰ্ঘটনা।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।
আহতসকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় হাস্পতালত।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
বিয়লীৰ ভাগলৈ ঘটনাস্থলীত উপস্থিত হ’ব পাৰে মুখ্যমন্ত্ৰী পুষ্পৰ সিং ধামী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ