নিউজ ডেস্ক, অসম লাইভ ২৪ঃ ব্ৰহ্মপুত্ৰৰ বুকুৰে সুৰংগ পথ নির্মাণৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১৪.৮৫ কিলোমিটাৰ দৈর্ঘৰ এই সুৰংগ পথেৰে সংযুক্ত হ’ব গহপুৰ আৰু নুমলীগড়। অত্যাধুনিক প্ৰযুক্তিৰে মহাবাহুৰ বুকু ভেদি নির্মাণ কৰিব লগা এই সুৰংগটো হ’ব নদীৰ তলেৰে নির্মিত দেশৰ প্ৰথমটো সুৰংগ পথ। উল্লেখ্য, গহপুৰ-নুমলীগড় সংযোগী এখন দলং নির্মাণৰ প্ৰস্তাৱ আছিল। পিছে এই দলংখনৰ চর্চাহে হৈ থাকিল। তদুপৰি দলংখন হৈ থাকিল মাত্ৰ নির্বাচনী ভাষণৰ অংশ। ইয়াৰ বাহিৰে দলংখনৰ নামত মাটি এচপৰাও পৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই। এইবাৰ উত্থাপন হৈছে অত্যাধুনিক সুৰংগ পথৰ প্ৰসংগ।
কিয় হঠাৎ সুৰংগ পথ নির্মাণত তৎপৰ দিল্লী?
এই সুৰংগ পথ নির্মাণত হঠাৎ কেন্দ্ৰ তৎপৰ হৈ উঠাৰ প্ৰধান কাৰণ হ’ল সীমান্তত চীনাৰ আগ্ৰাসন। যিকোনো জৰুৰীকালীন মুহূর্তত সুকলমে অৰুণাচল স্পর্শী ভাৰত-চীন সীমান্তৰ সৈতে যোগাযোগ ৰক্ষাৰ বাবে ব্যৱহাৰ হ’ব এই সুৰংগ পথ।
কি কি সা–সুবিধা থাকিব সুৰংগ পথত
ফৰলেনযুক্ত হ’ব এই সুৰংগ পথ। ব্ৰহ্মপুত্ৰৰ পৃষ্ঠৰ পৰা প্ৰায় ২০-৩০ মিটাৰ তলেৰে নির্মাণ হ’ব সুৰংগটো। সুৰংগটোৰে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত সেনাৰ যান-বাহন যাতে চলাচল কৰিব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। সুৰংগ পথটোত সংলগ্ন হ’ব পদপথ, নলা, জৰুৰীকালীন প্ৰস্থান পথৰ উপৰি সহজে বায়ুৰ চলাচলৰ বাবে ভেণ্টিলেচন। থাকিব অগ্নি নির্বাপনৰ ব্যৱস্থা।দুর্ঘটনা প্ৰতিৰোধমূলক ব্যৱস্থা থকাৰ লগতে নিৰাপত্তাৰ দিশতো থাকিব বিশেষ ব্যৱস্থা। সুৰংগটোত ৰে’ল পথ সংলগ্ন কৰাৰো প্ৰস্তাৱ আছে।
কোনে প্ৰস্তুত কৰিছে প্ৰাককলন?
পুনৰ লুই বার্জাৰ। ৰাজ্যত বহু বিতর্কৰ সৃষ্টি কৰা আমেৰিকাৰ লুই বার্জাৰ কোম্পানীৰ দ্বাৰা NHIDCLএ প্ৰস্তুত কৰাইছে ডিপিআৰ। ইতিমধ্যে এই প্ৰকল্প প্ৰতিবেদনত অনুমোদন জনাইছে কেন্দ্ৰই।
কোনে নির্মাণ কৰিব সুৰংগ?
অভিলাষী পথ পৰিবহন ব্যৱস্থাৰ অংশস্বৰূপ সুৰংগটোৰ নির্মাণৰ দায়িত্বত আছে NHIDCL।আমেৰিকাৰ কোম্পানী লুই বার্জাৰে চোৱা-চিতা কৰিব কাৰিকৰী দিশটো।
কেতিয়া কাম আৰম্ভ?
সকলো ঠিকে-ঠাকে থাকিলে ডিচেম্বৰত এই প্ৰকল্পৰ কাম শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে।
চীনৰ সুৰংগতকৈ দীঘল হ’ব মহাবাহুৰ সুৰংগ
চীনে টাইহু হ্ৰদৰ তলেৰে নির্মাণ কৰা সুৰংগ পথতকৈ দীঘল হ’ব গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ। চীনে নির্মাণ কৰা সুৰংগ পথটোৰ দৈর্ঘ ১০.৭৯ কিলোমিটাৰ। আনহাতে ব্ৰহ্মপুত্ৰৰ নির্মাণ হ’ব প্ৰায় ১৫ কিলোমিটাৰ দৈর্ঘৰ সুৰংগ পথ।
সপোন বাস্তৱ হ’বনে?
নিৰাপত্তা আৰু চীনা আগ্ৰাসনৰ প্ৰসংগ জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সুৰংগ নির্মাণৰ কামে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সুৰংগ পথ নির্মাণৰ খবৰ ৰাজহুৱা হোৱাৰ পাছৰে পৰা ৰাইজৰ মুখে মুখে আন কেতবোৰ সপোন চর্চা হৈছে। সপোন ১– ব্ৰহ্মপুত্ৰৰ বুকু খনন। সপোন ২– মহাবাহুৰ দুয়ো পাৰে এক্সপ্ৰেছ হাইৱে। সপোন ৩– গুৱাহাটীৰ বশিষ্ঠত টুইন টাৱাৰ। সপোন ৪– মাজুলী-নিমাতীঘাট সংযোগী দলং। সপোন ৫– ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলীলৈ ছী-প্লেন। সপোন ৬– ব্ৰহ্মপুত্ৰত অ’লা ৰিভাৰ টেক্সী…।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ