অসম লাইভ২৪ঃ ধুবুৰীৰ এটা মুছলমান পৰিয়ালত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মনসা পূজাৰ। কবিৰাজৰ নিৰ্দেশ মানিয়েই আয়োজন কৰা হৈছে এই পূজাৰ। ধুবুৰীৰ মুছলমান পৰিয়ালটোৰ ঘৰত আয়োজন কৰা মনসা পূজা চাবলৈকে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে বিশেষ ঘৰত। কিন্তু কিয় মুছলমান পৰিয়ালে আয়োজন কৰিছে মনসা পুজাৰ?
ধুবুৰীৰ ছাগলচৰা গাঁৱৰ এটা মুছলমান পৰিয়ালত প্ৰায় ১০ বছৰ পূৰ্বৰে পৰা এজন এজন কৈ চাৰিজন কৈ লোকেই এটা চকুৰে দেখা নোপোৱা হৈছে। নিশা হলেই একেটা পৰিয়ালৰ চাৰিজনকৈ লোকে চকুৰে নেদেখা হৈ পৰে। বহু চিকিৎসা কৰিও সুফল লাভ নকৰাৰ পিছত পৰিয়ালৰ সদস্যসকলৰ দৃষ্টি ঘূৰাই আনিবলৈ পৰিয়াল টোৱে হাতত ললে অদ্ভুত উপায়।
পৰিয়ালৰ সদস্য সকলৰ দৃষ্টি ঘূৰাই পোৱাৰ আশাত মুছলমান পৰিয়ালটোৱে ঘৰতেই বিগত তিনিদিনে আৰম্ভ কৰিছে মা মনসাৰ পূজা অৰ্চনা। কিন্তু তিনিদিনে পূজা অৰ্চনা কৰিও ঘুৰাই নাপালে দৃষ্টি।
উল্লেখ্য যে পূজাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই একাংশই কৈছে যে, এই আধুনিকতাৰ যুগত কোনো ব্যক্তিৰ চকুৰ দৃষ্টি উভতাই আনিবলৈ আৰম্ভ হোৱা এনে কাৰ্য্যক শলাগিব পাৰিনে? বিজ্ঞান প্ৰযুক্তিৰ দিনত পূজা-পাতলেৰে দৃষ্টি ঘূৰাই আনিবলৈ লোৱা এই কাৰ্য্যক অন্ধবিশ্বাস বিয়পোৱা এক কাৰ্য বুলিয়েই প্ৰায়সংখ্যকেই উল্লেখ কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















