অসম লাইভ২৪ঃ এছিয়াৰ সৰ্ববৃহৎ বস্তিৰ পুনঃনিৰ্মানৰ দায়িত্ব এইবাৰ আদানীৰ হাতত৷ আদানীয়ে লৈছে মহাৰাষ্ট্ৰৰ ধাৰাভি বস্তিৰ পুনঃনিৰ্মাণৰ দায়িত্ব৷ মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰকল্পৰ বাবে বেচৰকাৰী সংস্থাসমূহৰ পৰা নিবিদা বিচাৰিছিল৷ সকলোতকৈ বেছি অৰ্থ বিনিয়োগ কৰি সকলো সংস্থাক পিছ পেলাই শিল্পপতি গৌতম আদানী গোষ্ঠী আগুৱাই আছে৷
মহাৰাষ্ট্ৰ প্ৰশাসন সূত্ৰৰ খবৰ অনুসৰি প্ৰায় ৬০০ একৰ এলেকাত থকা বস্তিত আধুনিক সা সুবিধা সম্পন্ন ঘৰ, শ্বপিং মল তৈয়াৰ কৰা হ’ব৷ বৰ্তমান বস্তিত আধুনিক সুযোগ সুবিধা সম্পন্ন ঘৰ, শ্বপিং মল তৈয়াৰ কৰা হ’ব৷ বৰ্তমান বস্তিত অস্বাস্থ্যকৰ পৰিবেশত থাকি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে৷ যাৰবাবে এই বস্তি পুনঃনিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই প্ৰকল্পত আদানীৰ দুই প্ৰতিদ্বন্দ্বী সংস্থা আছিল ডিএলএফ আৰু নমন গ্ৰুপ৷ কিন্তু আদানীয়ে দুই সংস্থাতকৈ অধিক অৰ্থ বিনিয়োগৰ ঘোষণা কৰিয়েই এই নিবিদা লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ