অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত দেশৰ আগশাৰীৰ তিনিটা সংস্থা ব্যস্ত। CBI, NCB, ED য়ে জোৰদাৰ গতিত তদন্ত চলাই আছে। কিন্তু অভিনেতাগৰাকীৰ মৃত্যুৰ ৩ মাহৰ পাছতো এয়া হত্যাকাণ্ড নে আত্মহত্যা স্পষ্ট হোৱা নাই। এতিয়াও তদন্তত জানিবৰ চেষ্টা কৰি থকা হৈছে ৮ জুনত ৰিয়া চক্ৰৱর্তীয়ে সুশান্তৰ ঘৰৰ পৰা ওলাই অহাৰ পাছত কি কি হৈছিল। ইয়াৰ মাজতে জনা গৈছে ৰিয়া সুশান্তৰ ঘৰৰ পৰা যোৱাৰ পাছত সুশান্তৰ বায়েক মিতু সিঙক ফোন কৰি অভিনেতাগৰাকীয়ে সহায় বিচাৰিছিল। মৃত্যুৰ ৫ দিন পূর্বে মিতুক ফোন কৰি সুশান্তে কৈছিল ‘মোৰ ভয় লাগিছে তেওঁ মোক হত্যা কৰিব’। সুশান্তে লগতে কৈছিল ‘তেওঁ বহুবাৰ ৰিয়াক ফোন কৰিছিল কিন্তু ৰিয়াই ফোন ধৰা নাই। মোৰ ৰিয়াৰ সৈতে কথা পতাটো জৰুৰী। কাৰণ মোৰ ভয় লাগিছে মোক কোনোৱে ফাঁচি দিব।’ উল্লেখযোগ্য যে ইয়াৰ পূর্বে সুশান্তৰ ফ্লেটমেট সিদ্ধার্থ পৃথানীও একেধৰণৰ ভাষ্য আগবঢ়াইছিল CBIক। সিদ্ধার্থ পৃথানীয়ে CBIক কৈছিল দিশাৰ মৃত্যুৰ খবৰ শুনি সুশান্ত অজ্ঞান হৈ পৰিছিল আৰু জ্ঞান ঘূৰি অহাৰ পাছত কৈছিল ‘তেওঁ মোক মাৰি পেলাব।’ নিজৰ সুৰক্ষা বৃদ্ধিৰ কথাও কৈছিল সুশান্তে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















