অসম লাইভ২৪ঃ যিকোনো সময়তে কাৰাগাৰলৈ যাব পাৰে জুবিন গাৰ্গ! জুবিনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ! শিশু অধিকাৰ সুৰক্ষা আইনৰ অধীনত জুবিনৰ বিৰুদ্ধে ৰুজু গোচৰ! এটা শিশুৰ আত্মসন্মানৰ কথা বুজি নাপায় শিল্পী জুবিনে!
এটা সৰু লৰা৷ মাধৱ বৰা৷ মাধৱে জুবিন গাৰ্গৰ মিমিক্ৰি কৰিয়েই মন জয় কৰিছিল বহুজনৰ৷ কিন্তু মাধৱৰ এই কাৰুকাৰ্য ভাল নালাগিল শিল্পী জুবিনৰ৷ মাধৱৰ এই কাৰ্যক পাগলৰ লক্ষণ বুলিও আখ্যা দিলে জুবিনে৷ জুবিনে কৰা এই মন্তব্যৰ পাছতেই আকৌ এবাৰ চৰ্চা৷ কোনোৱে যদি জুবিনক সমৰ্থন জনালে, কোনোৱে আকৌ ক’লে এয়া কেনেধৰণৰ কথা?
মাধৱে প্ৰতিভা বিকাশ কৰাত জুবিনৰ আপত্তি কিয়? জুবিনে বুজাবই খুজিছে যদি ব্যক্তিগতভাৱে বুজাওক, সামাজিকভাৱে কিয়? শিশুৰ অধিকাৰৰ কথা এজন শিল্পী হিচাপে জুবিনে জানিব লাগে৷ এই মন্তব্য আমাৰ নহয়৷ এই মন্তব্য কৰিছে শিশু সুৰক্ষা আয়োগৰ সৈতে জড়িত হৈ থকা এগৰাকী কৰ্মী ডাঃ ৰূপা হাজৰিকাই৷ মাধৱক পাগল আখ্যা দিয়াৰ পাছতেই শিশু সুৰক্ষা আইনৰ অধীনত জুবিনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ শিশু সুৰক্ষা কৰ্মী ডাঃ ৰূপা হাজৰিকাই জুবিনৰ বিৰুদ্ধে শিশু সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ৷
পত্ৰখনক লৈ ডাঃ ৰূপাৰ মন্তব্য, ‘জুবিনতকৈ মাধৱৰ মানসিক স্তৰ উন্নত৷ জুবিনে অশালীন মন্তব্য কৰিলেও মাধৱে কৰা নাই৷ পাগল আখ্যা দিলেও মাধৱে সন্মানসহকাৰে জুবিনৰ কথাৰ প্ৰত্তুত্ত্যৰ দিছে৷ কোনো শিশুক মানসিকভাৱে আঘাত দিয়াটোও এক অপৰাধ৷ সেয়ে জুবিনৰ বিৰুদ্ধে মই শিশু সুৰক্ষা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো৷’
মাধৱ-জুবিনৰ এই বিষয়ক লৈ শিশু সুৰক্ষা আয়োগে কি সিদ্ধান্ত ল’ব সেয়া সময়তহে পৰিলক্ষিত হ’ব যদিও, জুবিনৰ এই মন্তব্যই আজিও কিন্তু চৰ্চাৰ বিষয়েই হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















