অসম লাইভ২৪ঃ লালকিল্লা কালিয়েই বুৰিছিল। আজি উচ্চতম ন্যায়ালয়ৰ কাষ পাইছেহি যমুনাৰ পানী। ডুবি গৈছে সমগ্ৰ ৰাজঘাট এলেকাও। বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দিল্লী প্ৰশাসন। দিল্লী চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি দিল্লীৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বান নিয়ন্ত্ৰক এটা যন্ত্ৰ বিকল হৈ যোৱাৰ বাবেই দিল্লীৰ চহৰৰ ভিতৰলৈকে পানী সোমাই আহিছে। এই পৰিস্থিতিত দিল্লীৰ কেইবাটাও এলেকাত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ পৰিছে।
উদ্ধাৰকাৰী দলে বান বিধ্বস্ত এলেকাসমূহত যুদ্ধকালীন তৎপৰতাৰে লোকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে। বৰ্তমানলৈকে পানীত তলত আছে বহু এলেকা। দিল্লীৰ ঘৰ, ৰাস্তাঘাট, পৰ্যটনস্থল সকলো ডুব গৈছে। ৰাস্তাত পানী বৈ থকাৰ বাবে বন্ধ হৈ পৰিছে যানবাহনৰ চলাচল। ইয়াৰ মাজতেই অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক সাৱধান হ’বলৈ আহ্বান জনাইছে। চেণ্ট্ৰেল ৱাটাৰ কমিছনাৰে জনোৱা অনুসৰি, বৃহস্পতিবাৰে আবেলিৰ ভাগলৈ যমুনাৰ জলস্তৰ কিছু কমিছে। বৃহস্পতিবাৰে নিশা যমুনাৰ জলস্তৰ আছিল ২০৮.৬৬মিটাৰ। শুকুৰবাৰে পুৱাৰ ভাগত যমুনাৰ জলস্তৰ হৈছে ২০৮.৪৬ মিটাৰলৈ হ্ৰাস পাইছে। ৱাটাৰ কমিছনৰ তৰফৰ পৰা জনোৱামতে যমুনাৰ জলস্তৰ আজি আৰু কমাৰ পূৰ্ণ সম্ভাৱনা আছে।
দিল্লীৰ বান পৰিস্থিতি ভয়াৱহ হৈ পৰাত ১৬ জুলাই পৰ্যন্ত বিদ্যালয়, কলেজ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে। দিল্লীৰ বান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। বৃহস্পতিবাৰে ফান্সলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোদী। কিন্তু তাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি দিল্লীৰ পৰিস্থিতিৰ ওপৰত পূৰ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।
যমুনাৰ জলস্তৰ বৃদ্ধিৰ ফলতেই বন্ধ হৈ পৰিছে ওয়াজিৰাবাদ, চন্দ্ৰৱাল আৰু ওখলা জল পৰিশোধন কেন্দ্ৰ। পানী পৰিশোধন কেন্দ্ৰ বন্ধ হোৱাৰ ফলতেই পানীৰ তীব্ৰ সংকটে দেখা দিছে দিল্লীবাসীৰ মাজত। বানৰ কবলত পৰিছে খোদ মুখ্যমন্ত্ৰীও। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৱাস চৌহদত সোমাই পৰিছে পানী। এই পৰিস্থিতিত দেওবাৰ পৰ্যন্ত স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰো নিৰ্দেশ দিছে দিল্লী চৰকাৰে। ইপিনে বেচৰকাৰী সংস্থাৰ সকলোকে ৱৰ্ক ফৰ্ম হোম কৰিবলৈকো নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ