অসম লাইভ২৪ঃ
মুকালমুৱাৰ কাউৰাখাটী চৰত সংঘটিত হৈছে এক কৰুণ ঘটনা।
পথাৰত পানী দিয়া মেচিনত চুলি সোমাই নিহত হৈছে এগৰাকী কিশোৰী।
নিহত কিশোৰী গৰাকীৰ নাম ফৰিদা বেগম বুলি জানিব পৰা গৈছে।
কিশোৰী গৰাকীয়ে ঘৰৰ ওচৰতে পথাৰত পানী দিয়া মেচিন এটাত গা ধুৱলৈ গৈছিল।
গা ধুই থাকোতে হঠাৎ কিশোৰীগৰাকীয়ে পিছলি মেচিনটোৰ ওপৰত পৰে।
লগে লগে কিশোৰীগৰাকীৰ চুলিখিনি মেচিনৰ চকাত মেৰ খাই যায়।
তাৰ পিছতে কিশোৰী গৰাকীয়ে মুৰৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয়।
নিহত কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
নিহত কিশোৰীগৰাকী কাউৰাখাটী চৰৰ ফুলবৰ আলীৰ জীয়ৰী আছিল।
নিহত কিশোৰী গৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল।
কিশোৰী গৰাকীৰ কৰুণ মৃত্যুত অঞ্চলজুৰিত শোকৰ ছাঁ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ