অসম লাইভ ২৪ঃ সহজ নহয় ক’ৰোনা সংক্ৰমণৰ পৰা উদ্ধাৰ হোৱা। এবাৰ সংক্ৰমিত ৰোগী সুস্থ হ’লেও আক্ৰান্ত হ’ব পাৰে আন ৰোগত। তদুপৰি পুনৰ আক্ৰান্ত হ’ব পাৰে ক’ৰোনাত। এই ভয়াৱহ খবৰ আহিছে কোভিড-১৯ ভাইৰাছৰ জন্মস্থানৰ পৰা। য়ুহানত য়ুহান বিশ্ববিদ্যালয়ৰ জংনাং হাস্পতালে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। য়ুহানত সুস্থ হৈ উঠা ৯০ শতাংশ ক’ৰোনা ৰোগী আক্ৰান্ত হৈছে হাঁওফাঁও ৰোগত। একপ্ৰকাৰ অকামিলা হৈ পৰিছে তেনে লোকৰ হাঁওফাঁও। তদুপৰি সুস্থ হোৱা ৫ শতাংশ লোকৰ শৰীৰত পুনৰ ধৰা পৰিছে কোভিড-১৯ ভাইৰাছ। উল্লেখ্য, সমীক্ষকৰ দলটোৱে এই সমীক্ষাৰ অন্তৰ্ভুক্ত কৰি লৈছিল য়ুহানৰ নামী-দামী হাস্পতালত চিকিৎসাধীন হৈ সুস্থ হোৱা একাংশ লোকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ