অসম লাইভ ২৪ঃ আপোনাৰো আছে নেকি অনলাইন শ্বপিং কৰাৰ অভ্যাস? অনলাইন শ্বপিঙত কি কিনে আপুনি? কাপোৰ,ঘড়ী নে জোতা? আপুনি যদি সুৰাপায়ী তেন্তে আপোনাৰ বাবে এইয়া সুখবৰ। এতিয়াৰে পৰা অনলাইনত কিনিব পাৰিব মদ। ছত্তীশগড়ৰ পিছত এইবাৰ মধ্যপ্ৰদেশত অনলাইন কিনিব পাৰিব মদ। মধ্যপ্ৰদেশৰ চৰকাৰে কিছুদিনৰ পিছতে এইক্ষেত্ৰত দিব সেউজ সংকেত। ইতিমধ্যেই ৰাজ্যখনৰ বাণিজ্য কৰ বিভাগে এনে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ। ৰাজ্যখনৰ আবকাৰী মন্ত্ৰী জগদীশ দেৱৰায়ে সংবাদমাধ্যমৰ আগত কয় যে মধ্যপ্ৰদেশ চৰকাৰে এই বিষয় সন্দৰ্ভত চিন্ত-চৰ্চা কৰিছে। সুৰা অনলাইনত বিক্ৰী কৰাৰ মূল উদ্দেশ্য হ’ব ৰাজ্যখনৰ আয় বৃদ্ধি কৰাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধ কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ