• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাস্থ্যমন্ত্ৰীলৈ APWৰ পত্ৰ

স্বাস্থ্যমন্ত্ৰীলৈ APWৰ পত্ৰ

6 years ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

25 minutes ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

1 hour ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

17 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

19 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

স্বাস্থ্যমন্ত্ৰীলৈ APWৰ পত্ৰ

কি আছে এই পত্ৰত?

editor by editor
July 8, 2020
in অসম, ক'ভিড-১৯, স্বাস্থ্য
0
স্বাস্থ্যমন্ত্ৰীলৈ APWৰ পত্ৰ
35
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিমন্ত বিশ্ব শৰ্মা সমীপেষু

মহাশয়,

সাম্প্ৰতিক সময়ত আপোনাৰ প্ৰতি শ্ৰদ্ধা জনাই কিছু কথা আপোনাক ব্যক্ত কৰিব বিচাৰিছো তথা এই মুহূৰ্তত আমাৰ নিচিনা এজন সাধাৰণ নাগৰিকৰ প্রশ্নৰ উত্তৰ দিবলৈ আপোনাৰ সময়ৰ অভাৱ বুলি জানিও মনত অহৰহ প্ৰশ্নবোধক হৈ থকা কিছু কথা আপোনাৰ দৃষ্টিগোচৰ কৰিবলৈ এই পত্র লিখিছো।

মহাশয়,  সাম্প্ৰতিক সময়ত স্বাস্থ্যমন্ত্রী হিচাপে আপুনি যি তৎপৰতাৰে সময়ৰ মোকাবিলা কৰিছে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ।  আমি এইবাবে আপোনাৰ ওচৰত বেছি কৃতজ্ঞ যে জাত-পাতৰ ৰাজনীতিৰ যি কাৰুণ্যতাৰে সহজ সময়ত দেশখন পৰিচালিত হয় সেই মানসিকতাক সাত যোজন আঁতৰত ৰাখি আপুনি যুঁজৰ নেতৃত্ব দিছে।  তবলিগী জামাতীৰে আৰম্ভ হোৱা অসমৰ ক’ৰোনা যুদ্ধত এবাৰো আপুনি সচৰাচৰ ব্যৱহাৰ কৰা ‘জিন্না’ শব্দ ব্যৱহাৰ নকৰি সমদৃষ্টিৰে বা তাতোকৈ অলপ বেছিকৈহে আতিথ্য দি ক’ৰোনা আক্ৰান্ত জামাতীসকলক চিকিৎসাৰ ব্যৱস্থা কৰালে। ইয়াৰ বাবে আমি কৃতাৰ্থ।

মহাশয়,  স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে এটা দশক আপুনি অসম চলালে যদিও মাজত কিছু বছৰ  আপুনি মন্ত্ৰিত্বৰ পৰা আঁতৰত আছিল।  তথাপি আপুনি ২০১৬ চনৰ পৰা অসমৰ স্বাস্থ্য বিভাগৰ একেৰাহে মন্ত্রী।  আমি কেতিয়াও নাভাবো যে আপুনি চমকৰ পিছত দৌৰা এজন মানুহ।  কিন্তু ক’ভিডৰ আৰম্ভণি কালত অসমৰ স্বাস্থ্যখণ্ডৰ আচল শক্তি যেতিয়া আপুনি নিজ মুখেই বেকত কৰিলে তেতিয়া ভাবিবলৈ বাধ্য হ’লো, সঁচাকৈ এয়া আপুনিয়েই কৈছেনে?  তাতোকৈ আচৰিত হ’লো, কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰ একাংশ আই এ এছ বিষয়াই চলোৱা এটি সমীক্ষাত প্রকাশ পালে যে ডিমা হাচাওকে আদি কৰি অসমৰ কেইখনমান জিলাত আই চি ইউ বোলা বস্তুটো নায়েই,  নাই পৰ্যাপ্ত পৰিমাণে বিছনাৰ ব্যৱস্থা।। প্ৰতিবেদনখন দেখি এনে লাগিছে কথাবোৰ মিছা!  কিন্তু,  প্ৰকৃততেই মিছানে?

মহাশয়,  ক’ভিডৰ বিৰুদ্ধে আপুনি বিৰামহীন যুঁজ দিছে! আমি আপোনাৰ হাতত সুৰক্ষিত অনুভৱ কৰিছো।  কিন্তু,  অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই মুহূৰ্তত চিকিৎসাৰ নামত কি বেপাৰ চলিছে সেইটো স্বাস্থ্যমন্ত্রী হিচাপে আপোনাকেই অৱগত কৰিব নালাগিবনে?   ক’ৰোনাৰ ভয়ত মহাশয় এতিয়া যেন কেন্সাৰ, বৃক্ক, যকৃতৰ  বিভিন্ন ৰোগ  নাইকিয়া হৈ গ’ল । ক’ভিড টেষ্টৰ বেপাৰখনহে এতিয়া মুখ্য হ’ল।  ক’ভিড টেষ্টৰ নামত কি বেপাৰ আৰম্ভ হৈ গৈছে আপুনি জ্ঞাতনে মহাশয়?  যদিহে জ্ঞাত হৈও ব্যৱস্থা লোৱা নাই, তেন্তে আপোনাৰ কর্তব্যক লৈ প্রশ্ন নুঠিবনে?  আৰু যদি আপুনি অজ্ঞাত, তেন্তে মহাশয় আমি দুৰ্ভগীয়া নহয়নে?

মহাশয় আপুনি শুনি দুখ পাব এগৰাকী আপোনাৰ আইৰ বয়সৰ মাতৃৰ দুই-এদিনতে আদ্যশ্রাদ্ধ। তেখেত  কেন্সাৰৰ সৈতে যুঁজি যুঁজি ঢুকাল। এসপ্তাহত চাৰিখন মেডিকেলে তেখেতক চাৰিবাৰ ক’ভিড পৰীক্ষা কৰিলে,  পি পি ই কীটৰ পৰা N-95 মাস্কলৈ প্ৰায় এসপ্তাহত ইতিমধ্যেই দেউলীয়া পৰিয়ালটোৰ পৰা অতিৰিক্ত এক লাখ টকা সৰকালে আৰু এসপ্তাহ পাছতেই তেওঁ মৃত্যুমুখত পৰিল। এয়া ন্যায় হ’ল জানো?  ক’ৰোনাৰ ভয়ত চিকিৎসালয়লৈ নহা বহু কর্কট ৰোগীৰ ষ্টেজ-১ পাৰ হৈ অচিৰেই এনেকুৱা ষ্টেজলৈ আহিব য’ৰ পৰা জীৱন অসম্ভৱ । মহাশয়, ক’ৰোনাৰ বাবে বাকী সকলো চিকিৎসা বাধাগ্ৰস্ত হোৱাৰ বাবে মানুহক ক’ৰোনাৰ পৰা বচোৱাৰ নামত অন্য ৰোগত মৃত্যু হ’বৰ বাবে এৰি দিয়াৰ নিচিনা হোৱা নাইনে?

মহাশয়,  আপোনাৰ উত্তৰটো এনে হ’ব নালাগে যে এই মুহূৰ্তত আপুনি কি কৰিব ! আপুনি নিজকে ইতিমধ্যেই অনন্য বুলি প্ৰমাণ কৰি থৈছে।  ৰাজনীতিৰ কিমান নিমিলা অংক আপুনি মিলাই থৈছে আমি জনা-বুজা হোৱাৰে পৰা দেখিছো।  গতিকে আমি নাভাবো আপুনি এই প্ৰশ্নটো আওকাণ কৰিব বুলি।

আপুনি অসমৰ শিক্ষামন্ত্ৰীও।  মহাশয়,  এটা প্রশ্ন শুনকচোন- যদি কোনোবা এজন মানুহে আপোনাৰ আৰোগ্য নিধিত এক কোটি টকা দান দিয়ে তেওঁ তাৰ প্রতিদানস্বৰূপে যি ইচ্ছা তাকেই কৰাৰ লাইচেন্সপ্ৰাপ্ত হয় নেকি?  যদি নহয়, ক’ভিডৰ এই সংকটকালত য’ত অভিভাৱকসকল যোৱা চাৰিমাহে মন্দাৱস্থাত চলি আছে,  অনলাইনত ক্লাছ চলায়ো  কেনেকৈ মালিকপক্ষই একেকোবে ২০২১ৰ জুন মাহলৈ ‘হোষ্টেল ফীজ’ পৰ্যন্ত আগতীয়াকৈ দাবী কৰি ছাত্র-ছাত্ৰীলৈ জাননী দিব পাৰে?  দেশ ক’ত যায়, তাৰ ঠিক নাই!  মানুহে সকলো আশা বাদ দি জীয়াই থকাৰ সংগ্ৰামত ব্ৰতী হোৱা সময়ত এবছৰৰ হোষ্টেল মাচুল আগতীয়াকৈ ল’বলৈ আদেশ দিবলৈ গুৱাহাটীৰ এখন তথাকথিত গ্ল’বেল বিশ্ববিদ্যালয়ে সাহস ক’ত পালে?  মহাশয়, স্বাস্থ্যৰ লগতে আপুনি শিক্ষামন্ত্ৰীও,  গতিকে এই প্রশ্ন আপোনাক সোধাটো অপৰাধ হ’ব নোৱাৰে নিশ্চয়! এইবোৰ বিষয় গম লৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰাটো বোধহয়  ভুল হোৱা নাই?

মহাশয়,  শেষত আন এটা স্পর্শকাতৰ বিষয় আপোনাৰ দৃষ্টিগোচৰ নকৰিলে আমাক অপৰাধবোধে চুব।  আপুনি ৰাজ্যৰ বিত্তমন্ত্রীও,  গতিকে আপুনি সম্পূৰ্ণ বিশ্বাস কৰেনে যে লকডাউনৰ পাছত লকডাউনেই ক’ৰোনা যুদ্ধজয়ৰ একমাত্র উপায়?  বিত্তমন্ত্ৰী হিচাপে আপুনি কথাষাৰ ভাবিব।  ভাগি পৰা অর্থনীতি,  সৰু-বৰ সকলো ব্যৱসায়ীৰ কঁকাল ভাগি যোৱা অৱস্থা,  হতাশগ্রস্ত মন। এনেকৈ যুঁজখনত বাৰু আমি জিকিলোৱেই, তাৰ পাছত কিমান ভয়ানক যুঁজ দিব লাগিব বিত্তমন্ত্রী হিচাপে আপুনি চিন্তা কৰি চাইছেনে? মাহে ৰেচনৰ নামত দিয়া প্ৰতিজনে ৫ কিলো চাউলে এই সমস্যাৰ সমাধান কৰিব নোৱাৰে।  ছুইডেনৰ নিচিনা দেশৰ ক’ভিড যুঁজৰ যি ৰণকৌশল তাক আমি আদৰণি জনাব নোৱাৰোনে?  আমি জানো, এখন ৰাজ্যৰ এজন মন্ত্ৰী হিচাপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আপুনি পালন কৰিবই লাগিব।  কিন্তু দেশখনৰ বাকী থকা অক্সিজেনখিনি বচাবলৈ আপুনি ইচ্ছা কৰিলে কেন্দ্রৰ লগত আলোচনা কৰিব পাৰে আৰু আমি ভাবো একমাত্র আপোনাৰ বাবেহে ই সম্ভৱ। কিয়নো,  আপুনি হিমন্ত বিশ্ব শর্মা।

আপোনাৰ সুস্বাস্থ্য আৰু ক’ৰোনা যুঁজত অচিৰেই বিজয়প্রাপ্তিৰ কামনাৰে আজিলৈ সামৰিছো।

 

ইতি

আভিজিৎ শর্মা, সভাপতি

ধ্রুৱজ্যোতি তালুকদাৰ,  সাধাৰণ সম্পাদক,  এ পি ডব্লিউ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhijit sarmaapwhimanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

June 13, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব
জীৱনশৈলী

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

June 13, 2026
Next Post
অধিক দামত পাচলি বিক্ৰী কৰি আটক হাতীগাঁৱৰ এজন ব্যৱসায়ী।

অধিক দামত পাচলি বিক্ৰী কৰি আটক হাতীগাঁৱৰ এজন ব্যৱসায়ী।

বাঘজানৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত তৃতীয়টো গোচৰ

বাঘজানৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত তৃতীয়টো গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.