‘ৰচনাত্মক কংগ্ৰেছ ৰাষ্ট্ৰীয় অধিৱেশন’ত ভাষণ দি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন NDA চৰকাৰক পুনৰ আক্ৰমণ কৰে। তেওঁ কয় যে-‘যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে মাত মাতিব বিচাৰিছিল, কিন্তু চৰকাৰে ছাত্ৰ-ছাত্ৰীক মাত মাতিব নিদিয়ে। মই উত্তৰাখণ্ডৰ ধ*ৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছোঁ। তেওঁলোকে এই পৰ্যন্ত ন্যায়ৰ পৰা বঞ্চিত হৈ আছে।’ তেওঁ অভিযোগ কৰে যে ‘চৰকাৰে ৰাইজৰ কথা শুনিব নিবিচাৰে, আমি চৰকাৰক পাগল কৰি দিম।’

ৰাহুল গান্ধীয়ে পুনৰ কয় যে-নৰেন্দ্ৰ মোদীয়ে ৰাতি টোপনি নোযোৱাৰ বহু কাৰণ আছে, বহু গোপন কাৰণ আছে।’ ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি কয় যে-তথাকথিত চাণক্য আৰু চৰ্দাৰ পেটেল অমিত শ্বাহে প্ৰথমবাৰৰ বাবে ভাৰতৰ অভিব্যক্তি শুনিছে, সেয়ে তেওঁ সংসদলৈ আহিব পৰা নাই।’ কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “এই কাপুৰুষ শক্তিৰ সন্মুখত দেশৰ বহু লোকে কাপুৰুষৰ দৰে আচৰণ কৰিছে। যদি আপুনি এটা জোকাৰৰ দলৰ বিৰুদ্ধে যুঁজি দিছে তেন্তে ভয় কৰিবলগীয়া কি আছে?”

কেৱল ইয়াতে ক্ষান্ত নাথাকি ৰাহুল গান্ধীয়ে RSSকো কঠোৰ সমালোচনা কৰি কয় “মই RSSৰ সদস্যসকলক কওঁ যে তেওঁলোকে ভাৰতক ভালদৰে বুজি নাপায়। তেওঁলোকে আজিৰ ভাৰতক বুজিব লাগিব, ৩০০০ বছৰৰ আগৰ ভাৰতক নহয়।” ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে মঞ্চত থকা একাংশ লোকক RSSক চেলুট দিবলৈও কয়। তেওঁ কয় যে- ‘সম্প্ৰতি RSSক ব্যৱহাৰ কৰা হৈছে। যদি RSSক দমন কৰাৰ চেষ্টা কৰা হয় তেন্তে আমি তেওঁলোকক সুৰক্ষা দিবলৈ সাজু।’

RSSৰ পিছত আকৌ এবাৰ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে, “প্ৰধানমন্ত্ৰীয়ে সংবাদমেল কিয় নকৰে? আগতে মই ভাবিছিলো যে এইটো এটা মাৰ্কেটিং ষ্ট্ৰেটেজি, কিন্তু তেওঁৰ সৈতে এটা কোঠাত পাঁচ মিনিট বহি থকাৰ পিছত মই বুজিলোঁ যে তেওঁ বেছি সময় কথা ক’ব নোৱাৰে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















