তীব্ৰ শক্তি সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। দেশখনৰ চহৰ-গ্ৰামাঞ্চলকে ধৰি অধিকাংশ অঞ্চলতেই দৈনিক ৯ৰ পৰা ১০ ঘণ্টা বা কিছু কিছু অঞ্চলত তাতোকৈ অধিক সময় বিদ্যুৎ কৰ্তনৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে দেশখন। তীব্ৰ শক্তি সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিদ্যুৎ ৰাহিৰ বাবে শ্বপিং মল, দোকান, বজাৰসমূহ নিশা ৮ বজাৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। বিদ্যুতৰ সংকটৰ বাবে ব্যৱসায়, কৃষক, উদ্যোগ সকলো ক্ষেত্ৰই ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ ৰাজধানী ঢাকাৰ সমীৱৰ্তী গ্ৰাম্য অঞ্চলত বিদ্যুৎ সংকট ভয়াৱহ হৈ পৰিছে। এই চৰম শক্তি সংকটৰ পৰা মোকাবিলা কৰিব নোৱাৰি অৱশেষত বাংলাদেশে পুনৰ সহায়ৰ বাবে ভাৰতৰ ফালে মুখ কৰিছে।
বুধবাৰে তাৰিক ৰহমান চৰকাৰে নিশা ৮ বজাৰ ভিতৰত সকলো শ্বপিং মল, বজাৰ, দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। বাণিজ্য মেলা আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ নিশা ৮ বজাৰ ভিতৰত সমাপ্ত কৰিবলৈ কোৱা হৈছে, আনহাতে সজ্জাগত পোহৰৰ ব্যৱস্থা কৰাত বাধা আৰোপ কৰা হৈছে। WIONৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ বিদ্যুতৰ চাহিদা প্ৰায় ১৮ হাজাৰ মেগাৱাট, ইয়াৰ বিপৰীতে দেশখনে প্ৰায় ১৩ হাজাৰ মেগাৱাট ঘাটিত চলি আছে।
দীৰ্ঘদিন ধৰি বিজুলী বিচ্ছিন্নতা আৰু লোডশ্বেডিঙৰ ফলত হোৱা অস্বস্তিয়ে দেশখনত এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। দেশখনৰ জনসাধাৰণে অতিষ্ঠ হৈ কিছু অঞ্চলৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে। ছাইদপুৰ, নীলফামাৰী আৰু কুষ্টিয়াৰ বিদ্যুৎ কেন্দ্ৰসমূহ অতিষ্ঠ জনসাধাৰণে চূৰ্ণ-বিচূৰ্ণ কৰি অগ্নিসংযোগ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কিছুমান অঞ্চলত বাকী থকা বিদ্যুৎ বিল সংগ্ৰহৰ বাবে চলোৱা অভিযানৰ সময়ত বিদ্যুৎ বিভাগৰ বিষয়াসকলক আক্ৰমণ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে।
বৰ্তমানৰ শক্তি সংকটৰ মূল কাৰণ হৈছে ইন্ধনৰ অভাৱ, বিশেষকৈ প্ৰাকৃতিক গেছৰ অভাৱ। বাংলাদেশে ইয়াৰ ৯০% তকৈ অধিক তেল আৰু ৩০% গেছ আমদানি কৰে। আমেৰিকাৰ কোম্পানী এক্সেলেৰেট এনাৰ্জীৰ মালিকানাধীন টাৰ্মিনেলত ২১ জুলাইত সংঘটিত অগ্নিকাণ্ডৰ ফলত LNGৰ যোগান আধালৈ হ্ৰাস পায়। তদুপৰি সাগৰৰ প্ৰতিকূল বতৰৰ বাবে টাৰ্মিনেলত অফলোড কৰিব পৰা নাই দুখনকৈ LNG জাহাজে। বাংলাদেশৰ বিদ্যুৎ খণ্ডত দৈনিক ১ বিলিয়ন ঘনফুটতকৈ অধিক গেছৰ প্ৰয়োজন হয় যদিও বৰ্তমান দেশখনৰ হাতত মাত্ৰ ৭০ কোটি ঘনফুটহে আছে।
খুলনাত স্থানীয় লোকে ৯-১০ ঘণ্টাৰ বৈদ্যুৎ বিচ্ছন্নৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে যোগানৰ অভাৱেও মৈমনসিং, বৰিশাল, ৰংপুৰ, চিলেট, ৰাজশাহী আৰু খুলনাক বিদ্যুৎ বিচ্ছন্নতাই জুৰুলা কৰিছে। দীৰ্ঘদিনীয়া বিদ্যুৎ কৰ্তনে ব্যৱসায়িক কাৰ্য্যকলাপ আৰু খেতিৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত কৰিছে। কৃষকসকলে ডিজেল জেনেৰেটৰ ব্যৱহাৰ কৰি অতিৰিক্ত ইন্ধনৰ খৰচ কৰিবলৈ বাধ্য হৈছে। মিছা মাছ পালকসকলে অভিযোগ কৰে যে যেতিয়াই বিদ্যুৎ বন্ধ হয় তেতিয়াই Aerators মেচিনে কাম কৰা বন্ধ কৰে যাৰ ফলত পানীত অক্সিজেনৰ মাত্ৰা কমি যায়। বাংলাদেশ হৈছে মিছা মাছৰ দ্বিতীয় বৃহত্তম ৰপ্তানিকাৰক দেশ।
এই সংকটৰ মোকাবিলা কৰিব নোৱাৰি বাংলাদেশে পুনৰ সহায়ৰ বাবে ভাৰতৰ শৰণাপন্ন হৈছে। ভাৰতক অতিৰিক্ত ডিজেল যোগানৰ বাবে অনুৰোধ জনাইছে তাৰিক ৰহমানৰ চৰকাৰে। বাংলাদেশৰ শক্তি মন্ত্ৰী ইকবাল হাছান মাহমুদে বিগত সপ্তাহত সাংবাদিকৰ আগত কয়, “ভাৰতৰ সৈতে আমাৰ এটা পাইপলাইন আছে যাৰ জৰিয়তে ডিজেল যোগান ধৰা হয়।আমি তেওঁলোকক আৰু অধিক যোগান ধৰিবলৈ অনুৰোধ কৰিছো।” শ্বেখ হাছিনাৰ কাৰ্যকালত ২০১৭ চনত কাৰ্যকৰী হোৱা ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইনে বাংলাদেশৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৫ বছৰীয়া চুক্তিৰ অংশ হিচাপে ভাৰতে বছৰি ১,৮০,০০০ মেট্ৰিক টন ডিজেল ঢাকালৈ প্ৰেৰণ কৰে। মহম্মদ ইউনুছ অন্তৱৰ্তীকালীন নেতা হোৱাৰ পৰা আৰম্ভ হোৱা দুয়োখন দেশৰ মাজত অস্থিৰতাৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছতো মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ সময়ত ভাৰতে ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিল মাহত বাংলাদেশলৈ ৩০ হাজাৰ টনৰো অধিক ডিজেল প্ৰেৰণ কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















