শেহতীয়াকৈ অভিনেতা যতীন বৰাই বিজোপিত যোগদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বে তেওঁ বিজেপিত আছিল যদিও নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত যোগদান কৰি অসমৰ ৰাইজৰ পক্ষত থকাৰ কথা কৈছিল । পিছে সময়ে সময়ে বিভিন্ন ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি অহা বৰাই পুনৰ সুৰ সলাই এইবাৰ বিজেপিত যোগদান কৰিলে। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ জোৱাৰ উঠিছে অভিনেতাগৰাকীক লৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ