• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

33 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

1 hour ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

editor by editor
July 4, 2023 - Updated on July 5, 2023
in অসম, লেখা
0
হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি অসমৰ বিশিষ্ট কবি, গীতিকাৰ হীৰেন ভট্টাচার্যৰ একাদশ মৃত্যুবার্ষিকী। ১৯৩২ চনত যোৰহাটত জন্ম লাভ কৰা কবিগৰাকীয়ে খুব কম বয়সতে খোজ দিছিল কবিতাৰ পথাৰত। ১৯৫৭ চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন কবিতা পুথি ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’। হীৰেন ভট্টাচার্যৰ কবিতাৰ কাব্যিকতা আৰু কথনশৈলীয়ে আজিও মুগ্ধ কৰি ৰাখিছে পাঠকক। সুগন্ধি পখিলাৰ কবিৰূপে জনপ্ৰিয় কবিগৰাকীৰ আন কেইখনমান কাব্যগ্ৰন্থ হৈছে- ‘কবিতাৰ ৰ’দ’, ‘বিভিন্ন দিনৰ কবিতা’, ‘শইচৰ পথাৰ মানুহ’, ‘ভালপোৱা বোকা মাটি’ ইত্যাদি।

‘শইচৰ পথাৰ মানুহ’ কাব্যগ্ৰন্থৰ বাবে হীৰেন ভট্টাচাৰ্যই লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। হীৰুদাৰ কেইবাটাও কবিতাত কণ্ঠ নিগৰাইছে অসমৰ কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে। মৃত্যুকো শিল্প হিচাপে ভৱা শব্দৰ যাদুকৰগৰাকীয়ে ২০১২ চনত আজিৰ দিনটোতে সকলোকে কন্দুৱাই আঁতৰি গৈছিল। একাদশ মৃত্যু বার্ষিকীত এইগৰাকী বিশিষ্ট কবিলৈ ‘অসম লাইভ ২৪’ৰ একাঁজলি শ্ৰদ্ধাঞ্জলি।

‘দুৰন্ত প্ৰতিভাক যেনেকৈ পাহৰিব নোৱাৰি, তেনেকৈ হীৰেন ভট্টাচাৰ্যৰ সৃষ্টিও জানো পাহৰিব পাৰি? তেওঁৰ প্ৰত্যেকটো কবিতাৰেই আছে নিজস্ব শৈলী৷ হীৰুদাৰ কবিতা সেয়ে হয়তো এবাৰ পঢ়িলেই মনত ৰৈ যায়!’ হীৰেন ভট্টাচাৰ্যক লৈ কবি নীলিম কুমাৰে কৈছিল এই কথা৷ ইয়াৰোপৰি নীলিম কুমাৰে কৈছিল, ‘হীৰুদাৰ কবিতা মানুহে মুখস্থ নকৰে। তেওঁৰ কবিতা আপোনা-আপুনি মানুহৰ কন্ঠস্থ হৈ পৰে। কাৰণ তেওঁৰ কবিতাই হৃদয়ত সৃষ্টি কৰে সংগীত। তেওঁৰ কবিতাই গুঞ্জনময় কৰি তোলে হৃদয়। আমাৰ হৃদয়ক আলোড়িত কৰিবলৈ তেওঁৰ শব্দই সেয়েহে বিচাৰি ফুৰে গান৷’

হীৰুদাৰ কোনটো কবিতাৰ কথা কওঁ.. কোনটো বাদ দিওঁ! হীৰেন ভট্টাচাৰ্যৰ কবিতা পঢ়িলে প্ৰত্যেকজন কাব্যপ্ৰেমীৰেই মনত হয়তো এই কথাৰ উদ্ভৱ হয়৷ ২০১১ চন, গুৱাহাটী গ্রন্থ মেলা৷ সেইখনেই হীৰুদাৰ জীৱনৰ শেষ গ্ৰন্থমেলা আছিল। উত্তৰ পূৰ্বাঞ্চলীয় কবিতা সমাৰোহত হীৰুদা আহি বহিছিল৷ কাষত আছিল কবি-নাট্যকাৰ ৰফিকুল হুছেইন। হীৰুদাৰ গা খুবেই বেয়া। উঠিল হঠাতে, যাবলৈ ওলাল। ৰফিকুল হুছেইনে বাধা দি কলে, ‘হীৰুদা আপুনি ইমান সোনকালে গুচি গলে শব্দৰ সুগন্ধি পখিলাজাকো দেখোন লগতে গুচি যাব।’

সেই কথাৰ প্ৰত্যুত্তৰত সেইদিনা চিৰপৰিচিত হাঁহিটোৰে কবিয়ে মাথোঁ ক’লে, ‘মইহে কেতিয়াবা নোহোৱা হৈ যাম। পখিলা জাক কিন্তু সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ হীৰুদাই সেইদিনা কোৱাৰ দৰেই তেওঁৰ শব্দৰ সুগন্ধি পখিলাজাক আজিও অগণন অনুৰাগীৰ বুকুৰ মাজত সোমাই আছে৷ প্ৰতিজন কাব্যপ্ৰেমীয়ে সযতনে আজিও হীৰুদাক সামৰি ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ

চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ

১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.