অসম লাইভ ২৪ঃ দিল্লী অভিমুখে কৃষকৰ ট্ৰেক্টৰ ৰেলী। কৃষি আইনৰ বিৰুদ্ধে জ্বলি উঠা জুইকুৰাই প্ৰশমিত হোৱাৰ নামেই লোৱা নাই। ক্ষুব্ধ কৃষকে প্ৰত্যেকদিনে সলনি কৰিছে প্ৰতিবাদৰ ধৰণ-কৰণ। আজি নয়ডাৰ মহামায়া ফ্লাই অভাৰৰ পৰা দিল্লী সীমান্তলৈ কৃষকে উলিয়ালে ট্ৰেক্টৰ সমদল। হাৰিয়াৰ পালৱালৰ পৰাও সিংঘু সীমান্তলৈ কৃষকে ট্ৰেক্টৰ সমদল উলিয়াই। ৰাজপথত ১৫ কিলোমিটাৰ দীঘল হয় এই সমদল। ইয়াৰ উপৰিও আজি দিল্লী অভিমুখে বিভিন্ন পথেৰে কৃষকসকলে ট্ৰেক্টৰ সমদল বাহিৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ