৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল অসম-গুৱাহাটী
১২ বাজি ৩৪ মিনিটিত এক ভূমিকম্পই জোকাৰি গ’ল অসম-গুৱাহাটী।
নামনি অসমৰ বহু ঠাইত অনুভুত হয় এই ভূমিকম্প।
ৰাষ্ট্ৰীয় ভূ-কম্পন বিভাগে (National Center for Seismology) সদৰি কৰা অনুসৰি ১২ বাজি ৩৪ মিনিট ২ ছেকেণ্ডত অহা এই ভূমিকম্পৰ প্ৰাবল্য ৪১ ৰিখটাৰ স্কেল।
ইয়াৰ অভিকেন্দ্ৰ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম খাচী পাহাৰ।
সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰস্থলী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ