অসম লাইভ২৪ঃ মায়ানগৰীৰ অন্যতম চৰ্চিত জুঁটিৰেই বিবাহ বিচ্ছেদৰ দিশেৰে। অভিনেত্ৰী নেহা কক্কৰৰ জন্মদিনৰ ছবি ভাইৰেল হোৱাৰ পাছতেই নেটদুনীয়াত চলিছে বিশেষ চৰ্চাটো। বিগত ৬ জুনৰ নিশা ১২ বজাত অভিনেত্ৰীগৰাকীয়ে নিজ বাসগৃহত উদযাপন কৰিছিল বাৰ্থডে পাৰ্টীৰ। ৩৫ বছৰত ভৰি দিলে অভিনেত্ৰী নেহাই। আত্মীয়-স্বজনৰ ভীৰত সকলোৱে সন্ধান কৰিছিল এখন বিশেষ মুখৰ। নেহা কক্কৰৰ স্বামী ৰোহনপ্ৰীত উপস্থিত নাছিল সেই অনুষ্ঠানত। প্ৰায় প্ৰতিসময়তে একেলগে থকা ৰোহন এইবাৰ কিয় উপস্থিত নাথাকিল নেহাৰ বাৰ্থডে পাৰ্টীত?
জন্মদিনৰ কেইবাখনো ছবি নেহাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কেক কটাৰ পৰা খাদ্যগ্ৰহণলৈ সকলো ছবিয়েই শ্বেয়াৰ কৰিছে নেহাই। অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জনাই হৃদয়স্পৰ্শী পোষ্ট দিছে নেহাই। কিন্তু এই ছবিসমূহৰ মাজত ক’তোৱেই দেখা নগ’ল ৰোহনপ্ৰিতক। ৰোহনেও পত্নী নেহাক ওপজা দিনৰ শুভেচ্ছা জনাই কোনোধৰণৰ প’ষ্ট শ্বেয়াৰ নকৰিলে।
চণ্ডীগড়ত পোনতে দেখা হৈছিল নেহা আৰু ৰোহনপ্ৰীত। দেখা মাত্ৰকেই প্ৰেম। নেহাতকৈ ৮ বছৰৰ সৰু ৰোহনপ্ৰীত। কিন্তু প্ৰেমে নামানে বয়সৰ বাধা। গায়ক নেহা প্ৰথম দেখাতেই প্ৰেমত পৰিল ৰোহনপ্ৰীতৰ। প্ৰেমেই পাছলৈ বিবাহ। ২০২০ চনৰ অক্টোবৰ মাহত ধুমধামেৰে বিবাহৰ অনুষ্ঠান আয়োজন কৰে নেহা আৰু ৰোহনপ্ৰীতৰ পৰিয়ালে। বিবাহৰ পাছতেই ৰোহনপ্ৰীতৰ সৈতে এটা মিউজিক ভিডিঅ’ কৰি কটাক্ষৰো চিকাৰ হৈছিল নেহা। গানটোৰ নাম আছিল ‘খ্যায়াল ৰখা কৰ’, সেই গানৰ প্ৰচাৰত আছিল নেহা অন্তঃসত্ত্বা হোৱাৰ আভাস। বিয়াৰ মাত্ৰ ২ মাহ পিছতেই সন্তানসম্ভৱা নেহা বুলি সকলোতে প্ৰচাৰ চলাৰ পাছতেই গানটোৱে মুক্তি লাভ কৰে। গীতটোতহে নেহাই অন্তঃসত্ত্বা হোৱাৰ অভিনয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ