অসম লাইভ২৪ঃ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাড্ডাৰ বিয়াৰ দিন চমু চাপিছে৷ প্ৰেমৰ গুজৱ চলি থাকোতেই এইবাৰ আহিছে দুয়োৰে বিয়াৰ খবৰ৷ নতুন দিল্লীত ১৩ মে’ তাৰিখে দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব৷ বহুবাৰ ৰাঘৱ আৰু পৰিণীতিক একেলগে দেখাৰ পাছতেই গুজৱ ওলাইছিল যে দুয়ো প্ৰেমৰ সম্পৰ্কত আছে৷ শেহতীয়াভাৱে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা দুয়ো একেলগে ওলাই আহোতে সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল বিশেষ দৃশ্য৷
এই সন্দৰ্ভত ৰাঘৱ চাড্ডাক প্ৰশ্ন কৰোতে তেওঁ মন্তব্য কৰিছিল যে, মোক ৰাজনীতিৰ কথা সোধক, পৰিণীতিৰ নহয়৷ কিন্তু শেহতীয়াভাৱে এই গুজৱ সঁচা হ’ল৷ পৰিণীতিৰ খুবেই এগৰাকী ঘনিষ্ঠ লোকে তেওঁলোকৰ বিবাহৰ কথা প্ৰকাশ কৰিছে৷ আগন্তুক ১৩ মে’ ত দুয়োৰে আঙুঠি পিন্ধোৱাৰ দিন বুলিও প্ৰকাশ কৰিছে ঘনিষ্ঠ সূত্ৰটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ