• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

3 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

21 minutes ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

58 minutes ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

2 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

3 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

3 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

4 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

4 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

6 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

6 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

editor by editor
June 7, 2023
in অপৰাধ, ভাৰত
0
ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘বিহাৰৰ আলু যিমানদিন থাকিব, সিমানদিনেই লালু থাকিব৷’ এই কথা আমি কোৱা নাই৷ এই কথা কৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে৷ লালুৰ এই ভৱিষ্যতবাণী সময়ৰ সৈতে অতীত হ’ল৷ বিহাৰত লালুৰাজ সমাপ্ত হৈ আৰম্ভ হয় নীতিশৰাজ৷ নীতিশৰাজেই হওক বা লালুৰাজ বিহাৰ কিন্তু বিহাৰেই এই কথা বহুতেই বহুসময়ত উল্লেখ কৰি আহিছে৷ দেশৰ অন্য স্থানত নঘটা ঘটনাসমূহ বিহাৰতেই সংঘটিত হয়৷ দেওবাৰে নিৰ্মীয়মান দলঙখন ভাঙি পৰাৰ পাছতেই আকৌ এবাৰ দেশজুৰি চলিছে বিহাৰৰ চৰ্চা৷

দেওবাৰে বিহাৰৰ এখন নিৰ্মীয়মান দলং ভাঙি পৰিছে৷ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা দলঙখন হঠাতেই কেনেকৈ ভাঙি পৰিল? এই ঘটনাৰ পাছতেই কিন্তু চেতনাও ঘূৰি আহিছে বিহাৰৰ একাংশ জনতাৰ৷ জনতাৰ মনত দুটা প্ৰশ্ন- এই ভাঙি পৰা দলঙখনত যদি মানুহ থাকিলহেতেন, তেন্তে কি হ’লহেতেন? আৰু উদয় হোৱা দ্বিতীয় প্ৰশ্নটো হৈছে দুটাকৈ কংক্ৰিটৰ খুটা আৰু অজস্ৰ মজবুত ধাতৱ তাঁৰেৰে নিৰ্মাণ কৰা দলঙখন কাম শেষ নৌহওঁতেই কেনেকৈ ভাঙি যাব পাৰে? বিস্ময় এতিয়াও শেষ হোৱা নাই৷ বিজেপিৰ এক সূত্ৰই দাবী কৰিছে যে, বিহাৰৰ ভাগলপুৰৰ এই সেতু এইবাৰেই ভাঙিছে তেনে নহয়৷ আগতেও তাত দলং নিৰ্মাণ কৰা হৈছিল৷ কিন্তু দলঙ তাত নিটিকে৷ প্ৰত্যেকবাৰেই ভাঙি ভাঙি পৰে৷ অথচ সেই দলঙখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ এটা প্ৰজেক্ট৷ এই দলং নিৰ্মাণৰ বাবে ১৭৫০ কোটিৰ নিবিদাও চৰকাৰে মুকলি কৰি দিছে৷

ভাগলপুৰৰ ভঙা দলঙক লৈ বিজেপি কৰ্মীৰ মত, ‘মুখ্যমন্ত্ৰীৰ সপোন ইমানেই ঠুনুকা যে ভাঙিয়েই যায়৷ প্ৰকৃততে এই দলঙ নিৰ্মাণৰ নামত ধন মুকলি কৰি নি সেই ধন আত্মসাৎ কৰিছে৷ মুখ্যমন্ত্ৰীৰ প্ৰজেক্টতেই দুৰ্নীতি হয়৷ ইয়াৰপৰাই বুজিব পাৰি বিহাৰত চলি থকা দুৰ্নীতিৰ ৰমৰমীয়া বেহাৰ কথা৷’ নীতিশৰ এই সপোনৰ প্ৰজেক্ট এতিয়া এক দুঃস্বপ্ন৷ ভাঙি পৰাৰ পাছতেই একাংশ নেটিজেনে দলঙখনক ‘দুৰ্নীতিৰ সেঁতু’ নামেৰে নামকৰণো কৰিছে৷ একাংশই আকৌ এই সেঁতুক ‘চোৰৰ সেঁতু’ নামেৰেও নামকৰণ কৰিছে৷ ‘চোৰৰ সেঁতু’ নামটোৱে সকলোৰে দৃষ্টিলৈ পুনৰবাৰ আনিছে বিহাৰৰ চুৰিকাৰ্যৰ কথা৷ উদ্বোধনৰ আগতেই দলং ভাঙি পৰাটো বিহাৰৰ নতুন কথা নহয়৷

বিগত ডিচেম্বৰ মাহতো বিহাৰত এখন দলং ভাঙি পৰিছিল৷ বেগুচাৰাইৰ বুঢ়ী গণ্ডক নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙখনো এনেদৰেই উদ্বোধনৰ পূৰ্বেই ভাঙি পৰিছিল৷ সেই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ কেৱল মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিবলৈহে বাকী আছিল৷ তেনে সময়তে দলঙখন হঠাতেই ভাঙি পৰে৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বতেই সেই দলঙো নিৰ্মাণ কৰা হৈছিল৷ সেই দলং নিৰ্মাণৰ বাবে খৰচ হৈছিল ১৩কোটি টকা৷ ২০৬ মিটাৰ দীঘল এই দলঙো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই ভাঙি পৰিছিল৷ তেতিয়াও বিহাৰৰ দুৰ্নীতিৰ স্তৰৰ চৰ্চা সমগ্ৰতে হৈছিল৷ কিন্তু বিষয়সমূহ তল পৰিল৷

দুৰ্নীতি আৰু চুৰিকাৰ্যক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰে যদিও বিহাৰত হোৱা চুৰিকাৰ্যই কিন্তু সকলোৰে দৃষ্টি কাঢ়ে৷ মাজতে ভাইৰেল হৈছিল ৰাস্তা চুৰিৰ এটা ঘটনা৷ প্ৰায় দুই কিঃমিঃ দীঘলীয়া ৰাস্তাটোৱে দুখন গাঁৱক সংযোগ কৰিছিল৷ কিন্তু ৰাস্তাৰ চিহ্নমাত্ৰও দেখা নাপালে ৰাইজে৷ ৰাস্তাৰ নক্সা দিয়া এলেকাত দেখা গ’ল কৃষিপথাৰহে৷ কেনেকৈ দুই কিঃমিঃ ৰাস্তা হেৰাই গ’ল সেই লৈহে সন্দেহ ৰৈ গ’ল জনতাৰ মনত৷

তাৰপিছতেই বিহাৰৰ আন এক ভাইৰেল চুৰিকাণ্ড হৈছে মোবাইলৰ টাৱাৰ চুৰি৷ নতুনলৈ নিৰ্মাণ হোৱা মোবাইল টাৱাৰটো চুৰি হৈছিল বিহাৰত৷ এক ৰাতিৰ ভিতৰতেই হেৰাই গৈছিল টাৱাৰটো৷ কিন্তু কেনেকৈ মোবাইল টাৱাৰটো চুৰি হ’ল ভাৱিয়েই পোৱা নাছিল এলেকাৰ বাসিন্দাই৷ আৰক্ষী সূত্ৰই জনোৱামতে, টাৱাৰৰ সৰু সৰু অংশ খুলি নি সেইসমূহ পিকআপ ভানেৰে লৈ গৈছিল চোৰে৷ প্ৰায় চাৰে চাৰি লাখ টকাৰ যন্ত্ৰপাতি আছিল তাত৷ মোবাইল টাৱাৰৰ ওপৰিও জেনাৰেটৰ, ষ্টেবিলাইজাৰো লৈ গৈছিল চোৰে৷

লোহাৰ সেতুও চুৰি কৰিছে বিহাৰৰ চোৰে৷ ৬০ ফুট দীৰ্ঘ লোহাৰে তৈয়াৰ কৰা ব্ৰীজ লৈ গৈছিল চোৰে৷ সেই চুৰিও হৈছিল দিনৰ পোহৰতে৷ নিজকে চৰকাৰী দপ্তৰৰ চাকৰীয়াল বুলি চোৰে লোহাৰ সেতুৰ সমূহ দৰকাৰী সামগ্ৰী খুলি লৈ গৈছিল৷ কেৱল এইসমূহেই নহয়৷ ৰে’ললাইনো চুৰি কৰিছে বিহাৰৰ চোৰে৷ দুই কিঃমিঃ ৰে’ল লাইনো চুৰি কৰি নিছে চোৰে৷ ৰে’ললাইনো বিক্ৰি কৰি দিছে চোৰে৷ বিহাৰতেই ৰে’লৰ ইঞ্জিনো চুৰ কৰিছিল চোৰে৷ বাৰাউনীত এই ঘটনা সংঘটিত হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
Next Post
আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?

আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?

‘ক্ৰিকেটাৰক বিয়া কৰোৱাত আপত্তি নাই!’ ক্ৰিকেটাৰ শুভমনৰ সৈতে প্ৰেমৰ কথা অৱশেষত স্বীকাৰ কৰিলে নেকি ছাৰাই?

'ক্ৰিকেটাৰক বিয়া কৰোৱাত আপত্তি নাই!’ ক্ৰিকেটাৰ শুভমনৰ সৈতে প্ৰেমৰ কথা অৱশেষত স্বীকাৰ কৰিলে নেকি ছাৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.