বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে
পণ্টিঙক বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন বুলি গণ্য কৰা হয়। তেওঁৰ নামত বহু অভিলেখ পঞ্জীয়ন হৈ আছে। অষ্ট্ৰেলিয়াক বিশ্ব চেম্পিয়ন বনোৱাত অধিনায়ক হিচাপে বিশে। অৰিহনাও আছে পণ্টিঙৰ।
পাছে সেই ৰিকি পণ্টিঙে পূৰ্বে কেইজনমান এনে বলাৰ আছে , যাৰ বিৰুদ্ধে বেটিং কৰাটো অতি কঠিন আছিল বুলি প্ৰকাশ কৰিছে। তেনে ৫ জন বলাৰৰ নাম প্ৰকাশ কৰিছে ৰিকি পণ্টিঙে।
সেই পাঁচজন শ্ৰেষ্ঠ বলাৰক বাছনি কৰি পণ্টিঙে কয় যে, সেইকেইগৰাকীৰ বিৰুদ্ধে খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল। সেই ৫ আক্ৰমণাত্মক বলাৰ হৈছে- প্ৰথম নম্বৰত পাকিস্তানৰ ৱাছিমআক্ৰাম।
দ্বিতীয়তে দুধৰ্ষ বলাৰ কাৰ্টলি এম্ব্ৰ’জ। এই তালিকাৰ তৃতীয়ত ভাৰতৰ হৰভজন সিঙক স্থান দিছে পণ্টিঙে। টেষ্ট কেৰিয়াৰত যিজন বলাৰৰ বিৰুদ্ধে পণ্টিঙে সৰ্বাধিক বাৰ আউট হৈছে সেইজনেই হৈছে ভাৰতৰ ভজ্জী। ভজীৰ বিৰুদ্ধে পণ্টিঙৰ ডিফেন্স আছিল অতি দুৰ্বল।
ইয়াৰ উপৰিও পণ্টিঙে নিউজিলেণ্ডৰ বেগী বলাৰ শ্বেন বণ্ডক বিপজ্জনক বলাৰৰ তালিকাত ৪ নম্বৰ স্থানত নিৰ্বাচিত কৰিছে। আনহাতে ৫ নম্বৰ স্থানত ৰিকি পণ্টিঙে শ্ৰীলংকাৰ সৰ্বকালৰ মহান স্পিনাৰ মুথিয়া মুৰুলিধৰণক নিৰ্বাচিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ