মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব
আজি ২০২৫ চনৰ ১১ জুন তাৰিখৰ নিশা অতি বিশেষ। কাৰণ আকাশত দেখিবলৈ পোৱা যাব ৰহস্যময় ‘ষ্ট্ৰবেৰী মুন’। আজিৰ দিনটোত বছৰৰ আটাইতকৈ ৰহস্যময় আৰু সুন্দৰ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা আকাশত দেখা যাব। লগতে আজিৰ চন্দ্ৰ বছৰটোৰ বিতৰত সবাতোকৈ সৰু চন্দ্ৰ হব। কাৰণ ইয়াৰ দূৰত্ব অন্য দিনৰ তুলনাত কিছু অধিক হব।
এইবাৰৰ ষ্ট্ৰবেৰী মুন কেৱল নাম বা ৰঙৰ বাবেই নহয়, ইয়াৰ ‘মাইক্ৰ’ মুন’ আৰু ‘মেজৰ লুনাৰ ষ্টেণ্ডষ্টিল’ৰ বাবেও অতি বিশেষ। যদিও ইয়াৰ ৰং ষ্ট্ৰবেৰীৰ দৰে নহয়, কিন্তু ইয়াৰ নাম আমেৰিকাৰ জনজাতীয় পৰম্পৰাৰ সৈতে জড়িত, য’ত জুন মাহৰ এই পূৰ্ণিমাৰ পিছত ষ্ট্ৰবেৰী চপোৱাৰ কাম আৰম্ভ হৈছিল।
আজিৰ চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত অৱস্থিত হব, যাৰ বাবে ইয়াক সাধাৰণতকৈ সৰু দেখা যাব। এই পৰিস্থিতি ১৮.৬ বছৰৰ মূৰে মূৰে এবাৰ ঘটে আৰু পিছৰবাৰ এনে চন্দ্ৰ দেখা যাব ২০৪৩ চনতহে। যাৰ বাবে আজিৰ এই মহাজাগতিক ঘটনাক এক বিৰল বুলি ধৰা হৈছে।
জুন মাহৰ এই পূৰ্ণিমাও বিশেষ কাৰণ ই মেজৰ লুনাৰ ষ্টেণ্ডষ্টিলৰ অৱস্থাত থাকিব। এই জ্যোতিৰ্বিজ্ঞান পৰিঘটনাৰ সময়ত চন্দ্ৰ নিজৰ কক্ষপথৰ চৰম হেলনীয়া অৱস্থাত থাকে, যাৰ বাবে আকাশত সাধাৰণতকৈ বহু তলত দেখা যায়। বিজ্ঞানীসকলে কয় যে এই পৰিঘটনাৰ বাবে চন্দ্ৰৰ পোহৰত সোণালী, উষ্ণ জিলিকনি দেখা যায়।
ভাৰতত ১১ জুনৰ সন্ধিয়া সূৰ্যাস্তৰ পিছত দক্ষিণ-পূব দিশত এই ষ্ট্ৰবেৰী চন্দ্ৰ দেখা পোৱা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















