আৰক্ষীয়ে এখন মহানগৰৰ OYO হোটেলৰ কোঠাৰ পৰা অসংযত অৱস্থাত ১১ গৰাকী যুৱতীসহ ২৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীৰ মতে ধৃত লোকসকলে OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা চলাই আহিছিল৷
ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ জেহানাবাদ মহানগৰত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত দুখন বিলাসী OYO হোটেলৰ কোঠাৰ ১১ গৰাকী যুৱতীসহ ২৩ লোকক অসংযত অৱস্থাত আৱিষ্কাৰ কৰে৷ আৰক্ষীৰ মতে ধৃত লোকসকলে OYO হোটেলৰ কোঠাত অনৈতিক কৰ্মত জড়িত থকাই নহয় তেওঁলোকে তাৰ পৰাই ছেক্স ৰেকেট চলাই আহিছিল৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি OYO ছেক্স ৰেকেটৰ পৰা মহানগৰখনৰ সত্যম শিৱম ৰেষ্ট হাউছ আৰু ওমকাৰা OYO হোটেলত অনৈতিক কাৰ্য সংঘটিত হোৱাৰ গোপন তথ্য লাভ কৰে৷
লগতে পঢ়ক অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!
উক্ত তথ্যৰ ভিত্তিতে আৰক্ষীয়ে হঠাতে অভিযান চলাই হোটেল দুখনৰ কোঠাৰ ভিতৰত অসংযত অৱস্থাত ধৃত লোকসকলক আৱিষ্কাৰ কৰে৷ অভিযানকাৰী আৰক্ষীয়ে হোটেল দুখনৰ সংশ্লিষ্ট কোঠাকেইটাৰ পৰা আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে৷
ইয়াৰ পাছতে আৰক্ষীয়ে ধৃত লোকসকলক সোধা পোছা আৰম্ভ কৰে৷ যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা মতে হোটেলৰ পৰিচালকে এই কামৰ বাবে তেওঁলোকৰ পৰা ১০০০ টকাকৈ লৈছিল আৰু বিভিন্ন ঠাইৰ পৰা নিজৰ যৌন ক্ষুধা নিবাৰণৰ বাবে যুৱকসকল আহিছিল৷
আৰক্ষীয়ে যুৱতীকেইগৰাকীৰ প্ৰকাশ কৰা তথ্যৰ ভিত্তিত সকলোকে গ্ৰেপ্তাৰ কৰি এই কাণ্ড কেতিয়াৰ পৰা চলি আহিছে আৰু কোন কোন জড়িত আছে তাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ