ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান
আজি ১৪ জুলাই তাৰিখে শেষৰখন অৰ্থাৎ ভাৰত আৰু জিম্বাবুৱেৰ মাজত পঞ্চমখন টি-২০ খেল হাৰাৰেত অনুষ্ঠিত হৈছিল। এই মেচখনত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে। জিম্বাবুৱেৰ দলৰ অধিনায়ক ছিকন্দাৰ ৰাজাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰে। জিম্বাবুৱেৰ জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৬৮ ৰানৰ। কিন্তু মাত্ৰ ১২৫ ৰানহে কৰিব পাৰে জিম্বাবুৱে দলে। যাৰ ফলত এই শৃংখলাত ভাৰতে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে।
পাচে আজিৰ এই মেচত এগৰাকী ভাৰতীয় খেলুৱৈয়ে ইতিহাস ৰচনা কৰে। বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে মাত্ৰ ১ টা বলতে লাভ কৰে ১৩ ৰান। হয়, বিশ্বাস কৰিবলৈ টান হ’লেও এয়া সত্য।
আজিৰ খেলৰ আৰম্ভণিতে টিম ইণ্ডিয়াৰ অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে গঢ়ে এই অভিলেখ। মেচখনৰ প্ৰথমটো বলত তেওঁ ১৩ ৰান সংগ্ৰহ কৰে। যাৰ ফলত বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী।
টিম ইণ্ডিয়াৰ যুৱ খেলুৱৈ যশস্বী জয়ছৱালে নিজৰ নামত এই ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। টি-২০ত তেনে কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী।
টছত জয়লাভ কৰাৰ পাছত জিম্বাবুৱেৰ অধিনায়ক ছিকন্দাৰ ৰাজাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰত তেওঁ বল কৰিবলৈ আহিছিল। ৰাজাই প্ৰথম বলটোতে ন’ বল কৰিছিল পাছে যশস্বীয়ে ছয় কোবাইছিল।
ন’ বলৰ ফলত উপৰঞ্চি ১ ৰান লাভ কৰে। পাছত যেতিয়া পুনৰ সেই বল দিয়ে, সেইবাৰো যশস্বীয়ে ৬ কোবাই। যাৰ বাবেই ক্ৰিকেটৰ নিয়ম অনুসৰি এটা বলতে ১৩ ৰান সংগ্ৰহ হয় আৰু অভিলেখ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ