ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত
ডোনাল্ড ট্ৰাম্পৰ ওপৰত গুলি কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আমেৰিকাত পুনৰ গুলিচালনাৰ ঘটনা। যি ঘটনাতপ্ৰাণ হেৰুৱালে ৪ গৰাকী লোকে। তাৰোপৰি আন ৯ গৰাকী লোক গুৰুতৰভাৱে আহত।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, আমেৰিকাৰ আলাবামাৰ বাৰ্মিংহামৰ নাইট ক্লাবত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা। যি গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯জন লোক আহত হয়।
বাৰ্মিংহাম আৰক্ষীৰ মতে, নিশা ১১ বজাত ২৭ নং ষ্ট্ৰীট নৰ্থৰ এটা নাইট ক্লাবত কেইবাজনো লোকে গুলীচালনা কৰে। আৰক্ষীয়ে জনোৱা মতে, নাইট ক্লাবৰ ভিতৰত আৰু ফুটপাথত উদ্ধাৰ হৈছে দুগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃতদেহ।
চিএনএনৰ প্ৰতিবেদন অনুসৰি বাৰ্মিংহামৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, গুলীচালনাত আহত কেইবাজনো লোকক পিছত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত এজন লোকক মৃত বুলি ঘোষণা কৰা হয়। আনহাতে কিছু লোক এতিয়াও চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ মতে, গুলীচালনা কৰা ব্যক্তিজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই, কিয় গুলীচালনা কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক ধৰিবলৈ চিচিটিভি কেমেৰা আৰু স্থানীয় ৰাইজৰ সহায় লোৱা হৈছে। আমেৰিকাত গুলীচালনাৰ ঘটনা বৰ্তমানেও হ্ৰাস পোৱা নাই, এই ঘটনাই পুনৰ এবাৰ উদঙাই দিলে আমেৰিকাৰ পৰিস্থিতি। প্ৰতিবেদন অনুসৰি, এটা পৰিসংখ্যাই দেখুৱাইছে যে এই বছৰ আমেৰিকাত কমেও ২৯৩টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















