৩ ছেপ্টেম্বৰ তুলা ৰাশিত মঙলে গোচৰ কৰিছে৷ মঙল গ্ৰহৰ শুক্ৰৰ তুলা ৰাশিত প্ৰৱেশ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে৷ প্ৰকৃততে মঙল আৰু শুক্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ এই পৰিস্থিতিত মঙল গ্ৰহই শুক্ৰৰ ৰাশিত প্ৰৱেশ কৰাই বহু ৰাশিৰ বাবে শুভ প্ৰমাণিত হব৷ কাৰণ এই সময়ত সূৰ্য আৰু মঙলৰ পৰা দ্বাদশ ঘৰত থাকিব আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টি মঙলত থাকিব৷ এই পৰিস্থিতিত মঙলৰ এই গোচৰ বহু ৰাশিৰ বাবেই উপকাৰী প্ৰমাণিত হব৷ উল্লেখ্য যে ১৩ ছেপ্টেম্বৰ শনিবাৰে নিশা ৯.১২ মিনিটত মঙল গ্ৰহই তুলা ৰাশিত প্ৰৱেশ কৰিব৷ মঙলৰ গোচৰত ৫ ৰাশিৰ জাতক উপকৃত হব৷
মঙলৰ গোচৰত লাভৱান হ’ব কোন কোন ৰাশি?
মেষ ৰাশি
মঙলৰ গোচৰ আপোনাৰ ৰাশিৰ সপ্তম ঘৰত ঘটিব৷ মঙলৰ সপ্তম দৃষ্টি মেষ ৰাশিত থকাৰ কাৰণে আপুনি লাভৱান হব৷ মঙ্গলৰ এই গোচৰে আপোনাৰ ব্যক্তিগত জীৱনলৈ সুখ আনিব৷ আপুনি আৰ্থিক ক্ষেত্ৰতো লাভৱান হব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কৰ যি দূৰত্ব আছিল সেয়া ধীৰে ধীৰে দূৰ হব৷ ইয়াৰোপৰি এই সময়কালত আপুনি কোনো শুভ কামত অৰ্থ ব্যয় কৰিব৷ যাৰ কাৰণে আপুনি সামাজিক স্তৰত প্ৰচুৰ সন্মান আৰু প্ৰতিপত্তি পাব৷
মিথুন ৰাশি
মঙ্গলৰ গোচৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম ঘৰত ঘটিব৷ এই পৰিস্থিতিত মঙ্গলে মিথুন ৰাশিৰ জাতকক নতুনকৈ পৰিচয় গঢ়াত সহায় কৰিব লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব৷ আপুনি সামাজিক যোগাযোগ আৰু নতুন যোগাযোগ বঢ়োৱাৰ সুযোগ পাব৷ ইয়াৰোপৰি আপোনাৰ প্ৰতিযোগীসকলৰ কাৰণে আপুনি বহু চেলেঞ্জৰ মুখামুখি হব৷ আপুনি সাহসৰ সৈতে সেইসমূহত মোকাবিলা কৰিব৷ বিনিয়োগৰ বাবে এই সময় উপকাৰী প্ৰমাণিত হব৷ এই সময় আপোনাৰ পেছাগত জীৱনৰ বাবে অগ্ৰগতিশীল হব৷
তুলা ৰাশি
মঙলৰ গোচৰ আপোনাৰ ৰাশিত ঘটিব৷ এই সময়ত মঙল আপোনাৰ লগ্ন ঘৰত থাকিব৷ এই সময়ত আপুনি দৃঢ়ভাৱে সমস্ত সিদ্ধান্ত লবলৈ সক্ষম হব৷ ব্যৱসায়ী শ্ৰেণীৰ বাবে দিনটো খুবেই শুভ প্ৰমাণিত হব৷ অংশীদাৰিত্বৰ কাম কৰা লোকে কিছু দুৰ্দান্ত খবৰ পাব পাৰে৷ মঙলে আপোনাক খুবেই উদ্যমী কৰি তুলিব, এই সময়ত সৰু সৰু বিষয়তেই মন বেয়া লাগিব পাৰে৷ মঙলৰ কাৰণে প্ৰাপ্ত শক্তিৰ সহায়ত আপুনি অৰ্থ সম্পৰ্কিত বিষয়ত অগ্ৰগতি কৰিব৷ ইয়াৰোপৰি মঙ্গলৰ প্ৰভাৱৰ কাৰণে আপোনাৰ ইতিবাচক চিন্তাভাৱনা আহিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে মঙলৰ গোচৰ খুবেই উপকাৰী প্ৰমাণিত হব৷ এই সময়ত সামাজিক মৰ্যাদা বৃদ্ধিৰ সম্ভাৱনা আছে৷ এই পৰিস্থিতিত মঙলৰ গোচৰ আপোনাৰ একাদশ ঘৰত ঘটিব৷ এই পৰিস্থিতিত আপুনি বিদেশী যোগাযোগৰ পৰা সুবিধা পাব৷ আপোনাৰ পাৰিবাৰিক আৰু ব্যৱসায়িক সম্পৰ্ক পূৰ্বতকৈ আৰু শক্তিশালী হব৷ যদি কোনো আইনী বিষয় চলি আছে তেন্তে আপুনি সফল হব৷ আপোনাৰ সামাজিক মৰ্যাদাও বৃদ্ধি পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ গোচৰ আপোনাৰ চতুৰ্থ ঘৰত ঘটিব৷ এই পৰিস্থিতিত আপোনাৰ ইচ্ছা পূৰণ হব৷ ব্যক্তিগত সম্পৰ্কৰ মাজত মধুৰতা বাঢ়িব৷ সাফল্যৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰমে আপোনাৰ কৰ্মত অগ্ৰগতি আনিব৷ ইয়াৰোপৰি আপুনি পৰিয়ালৰ সকলো সদস্যৰ পূৰ্ণ সমৰ্থন পাব৷ যাৰ কাৰণে আপুনি সহজেই আপোনাৰ কামসমূহ সম্পন্ন কৰিব পাৰিব৷ এই সময়ত মঙ্গলে আপোনাক সাহসী আৰু আত্মবিশ্বাসী কৰি তুলিব৷ আপুনি ভাগ্যৰ সমৰ্থন পাব, যাৰ কারণে আপুনি কিছু বৃহৎ সাফল্য অৰ্জন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















