শ্বাহী স্নান কি? কিয় নাগা সন্ন্যাসীয়ে কুম্ভমেলাত প্ৰথমে স্নানৰ অধিকাৰ পায়?
১৩ জানুৱাৰী সোমবাৰে পুহ মাহৰ পূৰ্ণিমা তিথিৰ দিনা মহাকুম্ভ ২০২৫ৰ প্ৰথম শ্বাহী স্নান আছিল। পিছদিনা অৰ্থাৎ আজি ১৪ জানুৱাৰী মঙলবাৰে মকৰ সংক্ৰান্তিৰ পৰৱৰ্তী শ্বাহী স্নানক অমৃত স্নান বুলি কোৱা হয়। জনবিশ্বাস অনুসৰি কুম্ভ শ্বাহীত স্নান কৰিলে জন্ম-মৃত্যুৰ বান্ধোনৰ পৰা মুক্ত হয়। নাগা সন্তসকলে প্ৰথমে এই ৰাজস্নান কৰিবলৈ সুবিধা পায়।
পাছে এই স্বাহী স্নান কি ! শ্বাহী স্নান বা অমৃত স্নানৰ লগত বহুতো জনবিশ্বাস জড়িত হৈ আছে। জ্যোতিষৰ মতে সূৰ্য্য আৰু বৃহস্পতিৰ অৱস্থান অনুসৰি শ্বাহী স্নানৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। এই দুটা গ্ৰহৰ শুভ প্ৰভাৱত থলুৱা লোকে সৌভাগ্য, সুখ আৰু ধন-সম্পত্তি লাভ কৰে। সেইবাবেই ইয়াক শ্বাহী স্নান বা ৰাজস্নান বুলি কোৱা হয়।
নাগা সন্ন্যাসীক পৰম্পৰাগত ধৰ্মৰ ৰক্ষক বুলি গণ্য কৰা হয়। সেয়ে এই শ্বাহী স্নানত নাগা সন্ন্যাসীসকলে ঘোঁৰাত উঠি বা ৰথত উঠি বা হাতীত উঠি আহে এই স্নান কৰিবলৈ। এই স্নানকে শ্বাহী স্নান বুলি কোৱা হয়।
কিন্তু কিয় নাগা সন্যাসী সকলে এই শ্বাহী স্নানত প্ৰথন স্থান পায়। বিশ্বাস কৰা হয় যে প্ৰাচীন কালত যেতিয়াই হিন্দু ধৰ্মৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল তেতিয়াই নাগা সন্তসকলে ধৰ্ম ৰক্ষাৰ বাবে আগবাঢ়ি আহিছিল। মোগল যুগত অসহায় তীৰ্থযাত্ৰীসকলক ৰক্ষা কৰিবলৈ তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ লৈ আগবাঢ়ি আহিছিল। মোগল সেনাৰ লগত ৰক্তাক্ত সংঘৰ্ষ হৈছিল।
সেয়েহে নাগা সন্তসকলক পৰম্পৰাগত ধৰ্মৰ ৰক্ষক বুলি গণ্য কৰা হয়। এই কাৰণতে তেওঁলোক শ্বাহী স্নানৰ প্ৰথম অধিকাৰী হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















