সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী
আঘাতেৰে ভৰ্তি মুখমণ্ডল, চকুৰ পৰা নিৰ্গত তেজ, সৰ্ব শৰীৰত আচোৰৰ চিন। নিজৰেই আত্মীয়ৰ হাতত সৰ্বচ্চ হেৰুওৱা ৩ বছৰীয়া শিশুৰ এই অতিকে দুৰৱস্থা। বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে হাস্পতালৰ আই চি ইউত।
এই ঘটনা তামিলনাডুৰ। নিজৰেই আত্মীয় ককায়েকৰ হাতত ধৰ্ষণৰ বলি ৩ বছৰীয়া কনমানি। আৰক্ষীয়ো শিশুৰ মুখেৰে ঘটনাৰ বৰ্ণনা শুনি শিয়ৰি উঠিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে সেই পাষণ্ড ককায়েকক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, অংগনবাড়ীৰ পৰা অকলে ঘৰলৈ বুলি উভতি আহি আছিল শিশুটি। ঘৰৰ একেবাৰে কাষত হোৱা বাবে অকলেই আহিব পাৰে শিশুটি। কিন্তু বাটতে সম্পৰ্কীয় ১৭ বছৰীয়া কিশোৰ ককায়েকে পাই চকলেটৰ লোভ দি কিছু নিলগৰ জংঘললৈ লৈ যায় অপকৰ্ম কৰিবলৈ ধৰে ৩ বছৰীয়া ভগ্নীৰ ওপৰত।
অসয্য যন্ত্ৰনাত ছটফটাই বাৰে বাৰে এৰি দিবলৈ অনুৰোধ কৰাত পাষণ্ড ককায়েকে শিলেৰে মুখত কেইবাবাৰো আঘাত কৰে। যাৰ ফলত অৱশেষত অচেতন হৈ পৰাত মৃত্যু হোৱা বুলি সেই স্থানতেই কনমানিক এৰি পলায়ন কৰে পাষণ্ডই।
পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত অচেতন অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। শিলৰ আঘাতৰ বাবে মুখমণ্ডল আহত হোৱাৰ উপৰি চকুৰ পৰা বৈ থাকে তেজ। ততাতৈয়াকৈ শিশুটিক হাস্পতাললৈ লৈ যায়।
কিছু চিকিৎসাৰ পাছত সংজ্ঞা অহাত পৰিয়াল আৰু আৰক্ষীৰ আগত সবিস্তাৰে বাখ্যা কৰে সম্পৰ্কীয় ককায়েকৰ কুকৰ্ম কাণ্ড শুনি পৰিয়াল আচৰিত হোৱাৰ লগতে আৰক্ষীয়ো শিয়ৰি উঠে। লগে লগে আৰক্ষীয়ে পৰিয়ালৰ গোচৰৰ ভিত্তিত আটক কৰে ১৭ বছৰীয়া কিশোৰ পাষণ্ডক। আনহাতে হাস্পতালৰ আই চি ইউত শিশুটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ