কিয় পদত্যাগ ঘোষণা কৰিলে কেজৰিৱালে, কোন এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী, আপৰ বিশেষ কৌশল
সুৰা কেলেংকাৰীত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ এই পদত্যাগৰ পিছত ৰাজধানীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অৰবিন্দ কেজৰিৱালে কিয় হঠাতে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। লগতে কেজৰিৱালে মহাৰাষ্ট্ৰৰ লগতে দিল্লীতো নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে।
২০২৪ চনৰ ২১ মাৰ্চৰ পৰা দীৰ্ঘদিন কাৰাগাৰত কটাবলগীয়া হৈছে কেজৰিৱালে। আৰু ২০২৪ চনৰ মাৰ্চ মাহত তিহাৰ জেললৈ যোৱাৰ পিছত কেজৰিৱালে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অলপ সময়ৰ বাবে জামিন পাইছিল যদিও তেতিয়াৰ পৰা কেজৰিৱাল জেলত আছিল। ১৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে চিবিআই গোচৰত কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল।।
কেজৰিৱালে জানে যে আগন্তুক দিল্লী নিৰ্বাচন বহু দূৰত নহয়। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যদিও আম আদমী পাৰ্টিৰ নেতা এতিয়াও জেলত আছে, যেনে সত্যেন্দ্ৰ জৈন আৰু অমনাতুল্লাহ খান। কেজৰিৱালে দলৰ কৰ্মীসকলক সম্বোধন কৰি জেললৈ যোৱা বা জেলত থকা সকলো নেতাৰ কথা উল্লেখ কৰে।
এনে পৰিস্থিতিত আম আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বই জানে যে সময় কম আৰু আগন্তুক নিৰ্বাচনত দিল্লীত ক্ষমতা ৰক্ষা কৰিব বিচাৰিলে এতিয়া ৰাইজৰ মাজলৈ যাব লাগিব। কেজৰিৱালে ছিছ’দিয়াৰ সৈতে জনসাধাৰণৰ মাজলৈ যোৱাৰ কথা কৈছে যদিও দিল্লীৰ নিৰ্বাচনী পৰিৱেশ অতি সোনকালে আৰম্ভ হ’ব যেন লাগে।
কেজৰিৱালে ভাষণত কয় যে যেতিয়ালৈকে জনসাধাৰণে ৰায় নিদিয়ে তেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকে। তেওঁ বৰ্তমানৰ ৰাইজক প্ৰশ্ন কৰে যে তেওঁলোকে কেজৰিৱালক সৎ নে অপৰাধী বুলি গণ্য কৰে… ইয়াৰ পৰা স্পষ্ট যে কেজৰিৱালে জনসাধাৰণৰ মাজলৈ গৈ নিজৰ বাবে সমৰ্থন বিচাৰিব আৰু আগন্তুক নিৰ্বাচনত দলৰ বাবে ভোট বিচাৰিব।
কেজৰিৱাল জনসাধাৰণৰ মাজলৈ যোৱাৰ অৰ্থ হ’ল সমগ্ৰ দলটো পুনৰ জনসাধাৰণৰ মাজলৈ যাব। অৱশ্যে এতিয়াও কেজৰিৱালৰ সমুখত আছে হাৰিয়ানাৰ নিৰ্বাচনৰ। য’ত আম আদমী পাৰ্টিয়ে পূৰ্ণ শক্তিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এনে পৰিস্থিতিত কেজৰিৱালে হাৰিয়ানাতো প্ৰচাৰ চলাব লাগিব।
আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কেজৰিৱালৰ পদত্যাগৰ পাছত কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী। কেজৰিৱাল আৰু মনীষ চিছ’দিয়া এজনো পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দৌৰত নাই। আনহাতে সত্যেন্দ্ৰ জৈন বৰ্তমানেও জেলত। এনে পৰিস্থিতিত দলৰ মূল চেহেৰা হৈ পৰিছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, প্ৰশাসনিক দায়িত্ব চম্ভালি থকা আতিশী মাৰ্লেনা, দলৰ জ্যেষ্ঠ নেতা সঞ্জয় সিং আৰু বিধায়ক গোপাল ৰায়, সৌৰভ ভৰদ্বাজ আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ