দুগৰাকী অসমাৰকি লোকলৈ গুলীবৰ্ষণ কৰিছে ভাৰতীয় সেনাই৷ শুকুৰবাৰে ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত দুগৰাকী গঞালৈ গুলীবৰ্ষণ কৰে৷
ঘটনাৰ বিৱৰণীৰ মতে মাছ ধৰি ঘৰলৈ ওভতি অহাৰ পথত ভাৰতীয় সেনাৰ এটা দলে ন’কফ্যা ৱেংডন (২৮) আৰু ৰামৱাং ৱাংচুলৈ গুলীবৰ্ষণ কৰে৷
সেনা বাহিনীৰ গুলীত দুয়োগৰাকী যুৱকেই গুৰুতৰভাৱে আহত হৈছে৷ দুয়োকে চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
লগতে পঢ়ক অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে গুলীবিদ্ধ এজন যুৱকৰ হাতৰ হাড় ভাঙি যোৱাৰ লগতে আনজনৰ ভৰিৰ আঙুলি আঘাতপ্ৰাপ্ত হৈছে৷
ইফালে সেনাবাহিনীয়ে প্ৰকাশ কৰিছে যে ‘ভুলবশতঃ’ এই ঘটনাটো সংঘটিত হ’বলৈ পালে৷ ঘটনাৰ পিছতে গঞাই পৰিৱেশ উত্তাল কৰি তোলে আৰু সেনাবাহিনীৰ বিষয়াই ঘটনাৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ লগতে গুলীবিদ্ধ দুয়োজন অসামৰিক লোকৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰা হ’ব বুলিও প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















