নিশাটো পাৰ হ’লেই নতুন বছৰ৷ ২০২৬ চনে আমাৰ জীৱনলৈ বহু পৰিবৰ্তন কঢ়িয়াই আনিব৷ নতুন বছৰত একাধিক গ্ৰহৰ শুভ যোগ গঠিত হব৷ বছৰৰ আৰম্ভণিতেই শুক্ৰ আৰু সূৰ্যই এটাৰ কাষত আনটোৱে অৱস্থান কৰি শুক্ৰাদিত্য ৰাজযোগ গঠন কৰিব৷ ইয়াৰ মাজত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আকৌ সূৰ্য আৰু মঙ্গলে একে ঘৰত থাকি গঠন কৰিব মঙ্গলাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি বুধ আৰু শুক্ৰ মিলি গঠন কৰিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ইয়াতেই শেষ নহয়, মকৰ ৰাশিত মঙ্গলৰ গোচৰত গঠিত হব ৰুচক ৰাজযোগ৷ একেলগে ইমানবোৰ ৰাজযোগৰ প্ৰভাৱত আগন্তুক বছৰত কেইবাটাও ডাঙৰ পৰিবৰ্তন আহিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক পাঁচ ৰাজযোগৰ প্ৰভাৱত ২০২৬ত ভাগ্য খুলিব কাৰ কাৰ?
সিংহ ৰাশি
বছৰৰ আৰম্ভণিতে একেলগে পাঁচটা ৰাজযোগ গঠনৰ প্ৰভাৱ লক্ষ্য কৰা যাব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬চনত আপুনি নিজৰ পৰিশ্ৰমৰ ফল পাব৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ লাইফ পাৰ্টনাৰৰ সৈতেও খুবেই ভাল সময় কটাব৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷ নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷
তুলা ৰাশি
২০২৫ত নানান দিশৰ পৰা সুখ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ব্যৱসায়ত বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ এই চুক্তি আপোনাৰ বাবে লাভজনক হব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ আৰ্থিক ভাৱে লাভৱান হ’ব৷ জীৱনত প্ৰেম থাকিব৷ পুজা-অৰ্চনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
বৃশ্চিক ৰাশি
নতুন বছৰত পাঁচ ৰাজযোগৰ শুভ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ এই সময়ত আপোনাৰ স্বাস্থ্য খুবেই ভালে থাকিব৷ জীৱনত প্ৰেম বাঢ়িব৷ আপোনাৰ প্ৰতি নতুন বছৰত বহুজনেই আকৃষ্ট হব৷ কেৰিয়াৰত নতুন দায়িত্ব পাব৷ পেছাগত ভাৱে আৰু অৰ্থনৈতিকভাৱে আগন্তুক বছৰত উন্নতি কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















