আৰম্ভ হৈছে হজযাত্ৰা৷ এইবাৰ ছৌদী আৰৱত হজযাত্ৰীসকলে তীব্ৰ গৰমৰ বাবে বহু অসুবিধাৰো সন্মুখীন হৈছে৷ গৰমৰ বাবেই বৰ্তমানলৈকে ২২ গৰাকীকৈ হজযাত্ৰীয়ে সাবটি লৈছে মৃত্যুক৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা মৃতক সংখ্যাক লৈ ছৌদী চৰকাৰকেই দোষী বুলি জনাইছে একাংশই৷ ছৌদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুত্বৰ অভিযোগো৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে একাধিক ছবি৷ ছবিত দেখা পোৱা অনুসৰি গৰমৰ বাবেই ৰাস্তাতেই ঢলি পৰিছে বহু লোক৷ পথৰ দাঁতিতেই পৰি ৰৈছে মৃতদেহ৷ ছৌদী আৰৱৰ স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া ৰিপৰ্টমতে হজযাত্ৰাৰ সময়ত ২৭০০ ৰো অধিক লোকে হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে৷
দেওবাৰে জৰ্ডানৰ সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন মতে ছৌদী আৰৱলৈ হজ যাত্ৰাত যোৱা ১৪ জন লোকে ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ যত পথৰ দাঁতিত, ডিভাইডাৰত মৃতদেহ পৰি থকা দেখা গৈছে৷ অৱশ্যে এই ভিডিঅ’ৰ সত্যাসত্য কিমান সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ এই ভিডিঅসমূহক লৈয়েই একাংশই এতিয়া সমালোচনা কৰিছে ছৌদী চৰকাৰক৷ ছৌদী চৰকাৰে হজৰ পৰাই বাৰ্ষিক কোটি কোটি টকা উপাৰ্জন কৰে৷ অথচ সেই হজযাত্ৰীসকলৰ বাবেই উচিত ব্যৱস্থাপন নকৰে বুলিও একাংশই অভিযোগ আনিছে৷
সোমবাৰে ছৌদীৰ তাপমাত্ৰা আছিল ৫১.৮ ডিগ্ৰী চেলচিয়াছ৷ বিশেষ মছজিদটো যি স্থানত আছে সেই স্থানৰেই এই তাপমাত্ৰা৷ যাৰবাবে মছজিদ প্ৰদক্ষিণ কৰোতে বহু তীৰ্থযাত্ৰী অসুস্থ হৈ উঠিছে৷ এই স্থানতে হজযাত্ৰীসকলে তিনিখন পকী বেৰত চয়তানক শিলগুটি মৰাৰ ৰীতি পালন কৰে৷ এই স্থানত গৰমৰ বাবে কোনোৱে যদি বটলৰ পানী মূৰত ঢালিছে, কোনোৱে আকৌ চটফটাই ঢলিও পৰিছে৷
জৰ্দানৰ বৈদেশিক মন্ত্ৰণালয়ে দেওবাৰে জনোৱা অনুসৰি, অত্যন্ত গৰমৰ বাবে ১৪ জন জৰ্দান হজযাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জনৰ বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই৷ ইৰাণৰো ৫গৰাকী হজযাত্ৰীৰ মৃত্যু হোৱা বুলি বিবৃত্তি দিছে৷ ইণ্ডোনেছিয়াৰ পৰা যোৱা ১৩৬ যাত্ৰীৰ ভিতৰত ৩জনৰ মৃত্যুৰ খবৰ আহিছে৷ আনফালে ভাৰতৰ পৰাও ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী ছৌদীলৈ গৈছে তাৰ ভিতৰত ৩ জন অসমৰ আৰু এজন তেলেংগানাৰ হজযাত্ৰীয়ে সাবটি লৈছে মৃত্যুক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ