অসম লাইভ২৪ঃ বিগত ৩৫ বছৰে গুজৰাটৰ পৰা কোনো এজন সাংসদেই লোকসভালৈ যাব পৰা নাই। আজিৰ পৰা প্ৰায় ৩৫ বছৰ পূৰ্বে ইন্দিৰা গান্ধীৰ হত্যাৰ পাছতেই সহানুভূতিৰ জোৰতেই ১৯৮৪ চনত কংগ্ৰেছৰ আহমেদ পেটেলে জয়লাভ কৰিছিল ভাৰুছ লোকসভা কেন্দ্ৰৰ পৰা। কিন্তু তাৰ পাছৰ বাৰৰ লোকসভা নিৰ্বাচনত অর্থাৎ ১৯৮৯ চনত নিৰ্বাচনত বিজেপিৰ চান্দু দেশমুখৰ হাতত তেওঁ পৰাস্ত হয়। ইয়াৰ পাছতেই বহু লোকসভা নিৰ্বাচন আহিছে, গৈছে কিন্তু গুজৰাটৰ পৰা কোনো এগৰাকীও মুছলমান প্ৰাৰ্থী লোকসভাত নিৰ্বাচিত হ’ব পৰা নাই।
২০১৪ চনৰ লোকসভা নিৰ্বাচনলৈ যদি উভতি চোৱা যায় তেন্তে দেখা যায় যে জাতীয় দলসমূহৰ মাজত কংগ্ৰেছে মাত্ৰ ১৫জন মুছলমান প্ৰাৰ্থীক প্ৰাৰ্থী কৰিছিল। কিন্তু গুজৰাটত বিজেপিয়ে কাহানিও মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে। গুজৰাটৰ মুঠ জনসংখ্যাৰ ৯.৫শতাংশ মুছলমান লোক। ১৯৬২ চনত অনুষ্ঠিত প্ৰথম লোকসভা নিৰ্বাচনত জোহৰা চাভাদা গুজৰাটৰ বানছাকান্থাৰ পৰা নিৰ্বাচিত হৈছিল। তাৰপাছতেই ১৯৭৭চনৰ নিৰ্বাচনত দুগৰাকী মুছলমান প্ৰাৰ্থী ভাৰুছ আহমেদ পেটেল আৰু আহমেদাবাদক ৰকা এহছান জাফৰি লোকসভালৈ যায়।
১৯৭৭ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ২জন মুছলমান সাংসদ লোকসভালৈ গৈছিল। সেয়াই প্ৰথম আৰু সেয়াই শেষ। তাৰপাছৰে পৰা কোনো এজনো মুছলমান প্ৰাৰ্থীয়ে গুজৰাটৰ পৰা সাংসদ হৈ লোকসভালৈ যাব পৰা নাই। অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তৰফৰ পৰা ভাৰুচ সমষ্টিৰ পৰা মাত্ৰ এজন মুছলমান প্ৰাৰ্থী নিক্ষেপ কৰা হৈছে। এই এই সমষ্টিত মুছলমান লোকৰ সংখ্যা সৰ্বাধিক। ইয়াত ১৫.৬৪ লাখ ভোটাৰৰ মাজত ২২ শতাংশ মুছলমান ভোটাৰ। উপজাতি ভোটাৰৰ সংখ্যা ৩১ শতাংশ। আহমেদাবাদ পশ্চিমত মুছলমান ভোটাৰৰ সংখ্যাৰ ২৫ শতাংশ মুছলমান ভোটাৰ।
গান্ধীনগৰত অৱস্থিত জুহাপুৰা এলেকা হৈছে সৰ্বাধিক মুছলমান অধ্যুষিত এলেকা। এই স্থানত মুছলমান জনসংখ্যা চাৰি লাখৰো অধিক। এইবাৰ গান্ধীনগৰৰ পৰা নিৰ্বাচনী যুঁজত নামিছে বিজেপিৰ সভাপতি অমিত শ্বাহ। ১৯৬২ চনৰ পৰা বৰ্তমানলৈকে কংগ্ৰেছে মাত্ৰ ৪ জন মুছলমানক এই সমষ্টিৰ পৰা টিকট প্ৰদান কৰিছে।
এই সমগ্ৰ বিষয়ক লৈ চেন্টাৰ অফ ছচিয়েল ষ্টাডিছৰ কিৰণে দেশাইয়ে তেওঁৰ মন্তব্যত কয়, ‘গুজৰাটত মুছলমানসকল কেৱল সামাজিকভাৱেই নহয়, ৰাজনৈতিকভাৱেও পিছুৱাই আছে। ২০০২ চনত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত পৰিস্থিতি আৰু গুৰুতৰ হৈছে। এই সন্দৰ্ভত গুজৰাট বিজেপিৰ মুখপাত্ৰই কয়, ‘আমি নিজৰ দলটোক কেনেকৈ জিকাব পাৰো সেই বিষয়টোতহে ফকাছ কৰো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ