তৃতীয়- চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা, কেতিয়াৰ পৰা উপলব্ধ হ’ব এডমিট কাৰ্ড
আজি ২৯ আগষ্ট তাৰিখে ঘোষণা কৰা হয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী। লগতে ঘোষণা কৰা হয় কেতিয়াৰ পৰা পৰীক্ষাৰ্থী সকলে লাভ কৰিব এডমিট কাৰ্ড।
ঘোষণা কৰা অনুসৰি ছেপ্টেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা। প্ৰথমে তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীৰ পৰীক্ষা আৰম্ভ হ’ব। হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষা হ’ব ১৫ ছেপ্টেম্বৰ, আৰু ২৯ ছেপ্টেম্বৰ তাৰিখে। গ্ৰেজুৱেছন লেভেলৰ পৰীক্ষা হ’ব ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে।
আনহাতে চতুৰ্থ বৰ্গৰ পৰীক্ষা হ’ব ২৭ অক্টোবৰ তাৰিখে। আই আই টি লেভেলৰ পৰীক্ষা ২৭ তাৰিখে আগবেলা আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৭ অক্টোবৰৰ বিয়লি ১.৩০ বজাৰ পৰা।
এডমিট কাৰ্ড সন্দৰ্ভত ঘোষণা কৰা অনুসৰি ছেপ্টেম্বৰ মাহৰ ২ তাৰিখে উপলব্ধ হ’ব । অফিচিয়েল ৱেবচাইট www.assam.gov.in যোগে লাভ কৰিব এডমিট সমূহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ