ছেলফী আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ প্ৰতিটো নতুন কামৰ আৰম্ভণি বা কৰোবাত আপুনি ফুৰিবলৈ গৈ এখন ছেলফী নুতুলিলেই যেন অমংগলহে হ’ব তেনে আচৰণ কৰে বহুসংখ্যক লোকেই৷ স্থান যিয়েই নহওক মোবাইল কেমেৰা অন কৰি ছেলফী তুলিবলৈ সাজু হৈয়েই থাকে একাংশ লোক৷ কিন্তু বিশ্বৰ এনে কেইটামান স্থান আছে য’ত ছেলফী ল’লে আপোনাৰ ঠিকনা হৈ পৰিব কাৰাগাৰ৷ আপুনিও যদি সেই স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে পূৰ্বেই জানি থওক ক’ত ক’ত আপুনি তুলিব নোৱাৰিব ছেলফী৷
ডিজনি পাৰ্ক
২০১৫ চনৰ পৰা সমস্ত ডিজনি পাৰ্কত ছেলফি নিষিদ্ধ কৰা হৈছে৷ ডিজনি পাৰ্ক আপুনি পৰিদৰ্শন কৰিব পাৰিব কিন্তু ছেলফি তোলা একেবাৰে নিষেধ৷ ২০১৫ চনৰ পূৰ্বে বহুতেই ছেলফি ল’বলৈ গৈ এই স্থানত বিভিন্ন দুৰ্ঘটনাৰো সন্মুখীন হৈছে৷ তাৰবাবে এই স্থানত ছেলফী একেবাৰে নিষিদ্ধ কৰিছে প্ৰশাসনে৷
জোহেনছবাৰ্গৰ লায়ন পাৰ্ক
দক্ষিণ আফ্ৰিকাৰ জোহানছবাৰ্গৰ লায়ন পাৰ্কলৈ অহা পৰ্যটকে সিংহ আৰু ভালুকৰ পোৱালীৰ সৈতে প্ৰায়ে ছেলফী লয়৷ যি কাম কৰাটো একেবাৰে উচিত নহয় বুলি সেই স্থানৰ প্ৰশাসনে প্ৰকাশ কৰিছে৷ যাৰবাবে সেই স্থানতো ছেলফি একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে৷
ফুকেট বীচ্চ
ফুকেটৰ বীচ্চতো ছেলফি তোলাটো একেবাৰে নিষিদ্ধ৷ ফুকেটৰ এই ছেলফী নিষিদ্ধ বীচ্চটো আন্তৰ্জাতিক বিমানবন্দৰৰ একেবাৰেই কাষত৷ ইয়াত অহা পৰ্যটকে বিমানৰ সৈতে প্ৰায়েই ফটো তোলে৷ পাছলৈ সুৰক্ষাজনিত কাৰণত এই স্থানত ছেলফী নিষিদ্ধ কৰি দিয়ে প্ৰশাসনে৷ এনেকৈ ছেলফী তুলিলে পাইলটৰ মনো বিঘ্নিত হয় বুলি দাবী কৰিছে ফুকেট প্ৰশাসনে৷ দুৰ্ঘটনাৰো আশংকা বাঢ়ি যোৱাৰ বাবেও এই সিদ্ধান্ত লৈছে সেই দেশৰ প্ৰশাসনে৷
মুম্বাইৰ মেৰিণ ড্ৰাইভ
মুম্বাইৰ মেৰিন ড্ৰাইভতো ছেলফি প্ৰায় নিষিদ্ধই কৰা হৈছে৷ অৱশ্যে এতিয়ালৈকে সম্পূৰ্ণৰূপে তাত ছেলফি নিষিদ্ধ হোৱা নাই৷ ছেলফিৰ বাবেই তাত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে কঠোৰ হৈছে মহাৰাষ্ট্ৰ আৰক্ষী৷ দুৰ্ঘটনা কমাবৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জনাইছে প্ৰশাসনে৷
দক্ষিণ ফ্ৰান্সৰ গাৰুছ বীচ্চ
গাৰুছ বীচ্চ খুবেই জনপ্ৰিয় এটা এলেকা৷ খুবেই সুন্দৰ পৰিবেশ৷ কিন্তু এই স্থানত আপুনি ছেলফী তুলিব নোৱাৰিব৷ ছেলফী ললেই কঠোৰ শাস্তি বিহিব প্ৰশাসনে৷ এই স্থানত ছেলফী বন্ধ কৰাৰ কাৰণ হৈছে লেথাৰিকৈ হোৱা দুৰ্ঘটনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ