দীৰ্ঘম্যাদী বিনিয়োগৰ মাজত ফিক্সড ডিপোজিটৰ গ্ৰহণযোগ্যতা মানুহৰ মাজত সকলোতকৈ বেছি৷ অৰ্থ ক’ত বিনিয়োগ বা সঞ্চয় কৰি ৰাখিলে ভৱিষ্যতে ভাল ৰিটাৰ্ণ পাব সেয়া নিৰ্ধাৰণ কৰিবলৈ SBI আৰু HDFC বেংকৰ ৫ বছৰৰ ফিক্সড ডিপোজিটৰ তুলনা দাঙি ধৰা হ’ল৷
SBIৰ ৫ বছৰৰ ফিক্সড ডিপোজিট
SBI ফিক্সড ডিপোজিটত সাধাৰণতে বাৰ্ষিক ৩.৫০ টকাৰ পৰা ৭.২৫ শতাংশ আৰু প্ৰবীণ নাগৰিকৰ বাবে বাৰ্ষিক ৪.০০ ৰ পৰা ৭.৭৫ শতাংশ পৰ্যন্ত সুদ দিয়া হয়৷ ৭ দিনৰ ম্যাদৰ পৰা ১০ বছৰ পৰ্যন্ত অৰ্থ ফিক্সড কৰিব পাৰি৷ SBI টেক্স ছেভিং ফিক্সড ডিপোজিটত সাধাৰণতে আমানতকাৰীৰ বাবে ৬.৫০ শতাংশ আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে ৭.৫০শতাংশ বাৰ্ষিক সুদ দিয়া হয়৷
SBIত ৫ বছৰ ধৰি ২০ লাখ টকা বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ কিমান?
বিনিয়োগৰ পৰিমাণঃ ২০,০০,০০০ টকা
আনুমানিক ৰিটাৰ্ণঃ ৭,৬০,৮৪০ টকা
৫ বছৰৰ পাছত মুঠ মূল্যঃ ২৭, ৬০, ৮৪০ টকা
HDFC বেংকৰ ৫ বছৰৰ ফিক্সড ডিপোজিট
HDFC বেংকৰ ফিক্সড ডিপোজিটত ৭ দিনৰ পৰা ১০ বছৰৰ ম্যাদত সাধাৰণ লোকৰ বাবে ৩ৰ পৰা ৭.৪০ শতাংশ আৰু প্ৰবীণ নাগৰিকৰ বাবে ৩.৫০ৰ পৰা ৭.৯০শতাংশ পৰ্যন্ত সুদ দিয়া হয়৷ HDFC বেংকৰ টেক্স ছেভিং FDত ৫ বছৰৰ বাবে সাধাৰণ জনগণৰ ক্ষেত্ৰত ৭শতাংশ হাৰত বাৰ্ষিক সুদ দিয়া হয়৷ প্ৰবীণ নাগৰিকসকলৰ বাবে সুদৰ হাৰ ৭.৫০শতাংশ৷
HDFC বেংকত ৫ বছৰৰ বাবে ২০লাখ টকা বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ কিমান?
বিনিয়োগৰ পৰিমানঃ ২০, ০০,০০০ টকা
আনুমানিক ৰিটাৰ্ণঃ ৮, ২৯, ৫৫৬ টকা
৫ বছৰ পাছত মুঠ মূল্যঃ ২৮, ২৯, ৫৫৬ টকা
কোন FDয়ে ভাল ৰিটাৰ্ণ দিয়ে?
HDFC বেংকত ৫ বছৰৰ ফিক্সড ডিপোজিটত SBIৰ তুলনাত বেছি ৰিটাৰ্ণ দিয়ে৷ ২০ লাখ টকাৰ বিনিয়োগত অতিৰিক্ত ৬৮,৭১৬ টকা মুনাফা লাভ কৰে বিনিয়োগকাৰীয়ে৷ এই বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰীৰ ব্যক্তিগত পছন্দই অগ্ৰাধিকাৰ পায়৷ আপুনি কোন বেংকত FD কৰিবলৈ আগ্ৰহী সেয়া আপোনাৰ নিজা সিদ্ধান্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ