অসম লাইভ ২৪ঃ দেশত দৈনিক ভয়াৱহ হাৰত বৃদ্ধি পাই আছে মাৰাত্মক কোভিড ১৯ৰ সংক্ৰামক ভেৰিয়েণ্ট অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তই সংখ্যাই অতিক্ৰম কৰিছে ৫৭৮ ৰ ঘৰ৷ এদিনতে বৃদ্ধি পাইছে ১৫৬ টা নতুন ঘটনা৷ সম্প্ৰতি অমিক্ৰণ ভেৰিয়েণ্ট দেশৰ ১৯ খন ৰাজ্যলৈ সংক্ৰমিত হৈছে ৷ ইয়াৰে সৰ্বাধিক আক্ৰান্ত হৈছে দিল্লী আৰু মহাৰাষ্ট্ৰত৷ দিল্লী আৰু মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ক্ৰমে ১৪২ আৰু ১৪১ ৷ দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট, ৰাজস্থান, তেলেংগনা, তামিলনাডু, কৰ্ণাটক, মধ্যা প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা, ঊৰিষ্যা, চণ্ডীগড়, জম্মুকাশ্মীৰ, উত্তৰ প্ৰদেশ, হিমাচল, লাডাখ আৰু উত্তৰাখণ্ডত দ্ৰুত গতিত বৃদ্ধি হৈছে সংক্ৰমণ৷ দেশত অমিক্ৰণৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী৷ দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ ৰাজধানী দিল্লীত আজিৰে পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ আনহাতে অসমতো দেওবাৰৰ পৰা প্ৰযোজ্য হৈছে সান্ধ্য আইন৷ নিশা ১১.৩০ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইনৰ নিৰ্দেশনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















