অসম লাইভ ২৪ঃ অসম লাইভ ২৪ৰ দৰ্শকে আৰু কেতিয়াও শুনিবলৈ নাপাব ‘ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰৰ সৈতে… ’। শুনিবলৈ আৰু নাপাব ‘ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলীয়ে দেখুৱাব ঘটনাস্থলীৰ দৃশ্য’ । কেতিয়াও আৰু আইজুৰৰ কুশলী হাতৰ কেমেৰাত আবদ্ধ নহয় কোনো ঘটনাৰ দৃশ্য। অসম লাইভ ২৪ৰ ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই। প্ৰতি মুহূৰ্তত চকুৱে মুখে এটা হাঁহি বিয়পি থকা আইজুৰে নিউজ ৰুমত আৰু নকয়হি ভিজুৱেলৰ চিন্তা নকৰিব, আছোঁ নহয় বুলি। আইজুৰ এইখিনি ভিজুৱেল লাগিব বুলি ক’লে কোনো দিনেই নহ’ব বুলি নোকোৱা মানুহটোৱেই হঠাৎ নোহোৱা হৈ গ’ল। দেওবাৰে দুপৰনিশা পৰ্যন্ত কাৰ্যালয়ৰ কৰ্তব্যত ব্যস্ত আছিল ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী। কৰ্তব্য সমাপন কৰি সতীৰ্থৰ সৈতে এই ফটোখন তুলিছিল ভিডিঅ’ জাৰ্ণেলিষ্টগৰাকীয়ে। তাৰপাছত শেষ নিশা গুৱাহাটীৰ গাড়ীগাঁৱৰ ঘৰলৈ নিজা বাহনেৰে ৰাওনা হৈছিল আইজুৰ। মালিগাঁৱৰ কালীবাৰীত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। নিশাই আৰক্ষীয়ে আইজুৰক আনি ভৰ্তি কৰায় GMCHত, কিন্তু তেতিয়ালৈ সকলো শেষ। হাস্পতালৰ বিছনাত নহয়, GMCHৰ মৰ্গত ৰাখিব লগা হ’ল আইজুৰক। পুৱাই খবৰটো বিয়পি পৰিল। হাহকাৰ লাগিল সতীৰ্থ, সহকৰ্মীৰ মাজত। হঠাৎ নিজেই বাতৰি হৈ পৰিল বাতৰি বিচাৰি ফুৰা আইজুৰ। পত্নী, এটি কণমানি সন্তান, মাতৃ আৰু আত্মীয়-কুটুম্ব শোকত ভাগি পৰিছে আইজুৰৰ আকস্মিক মৃত্যুত। শোকস্তব্ধ ‘অসম লাইভ ২৪’। সহকৰ্মীসকলে শ্ৰদ্ধা জ্ঞাপন কৰে আইজুৰৰ প্ৰতি। গাড়ীগাঁৱৰ ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন হয় ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰৰ। অসম লাইভ ২৪ত দক্ষতাৰ চিন ৰাখি অচিন দেশলৈ গুচি গ’ল চকুৱে মুখে হাঁহি বিয়পি থকা ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ