বিমান উৰণৰ ক্ষেত্ৰত বিপজ্জনক 5G ইণ্টাৰনেট সেৱা৷ বিভিন্ন সমস্যাৰ বুধবাৰে বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰে ৪ খনকৈ আন্তঃৰাষ্ট্ৰীয় বিমান৷ এয়াৰ ইণ্ডিয়া নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে এই কথা৷ আমেৰিকাৰ বিমানবন্দৰত আজিৰে পৰা আৰম্ভ হয় C band 5G ইণ্টাৰনেট সেৱা৷ এয়াৰক্ৰাফ্টৰ অল্টিমিটাৰ ইঞ্জিন আৰু ব্ৰেকিং ছিষ্টেমত প্ৰভাৱ পেলায় 5G ইণ্টাৰনেটে৷ যাৰ ফলত লেণ্ডিঙত সমস্যাৰ সৃষ্টি হয় চালকৰ৷ এনে বহু সমস্যাৰ বাবেই বুধবাৰে এয়াৰ ইণ্ডিয়াসহ All Nippon Airways, Japan airlines য়ে বাতিল কৰে বিমানসেৱা৷ এয়াৰলাইনচ গ্ৰুপে জনোৱা অনুসৰি এয়াৰপ’ৰ্ট ৰানৱে’ৰ পৰা ২ মাইল দূৰত্ব পৰ্যন্ত কাৰ্যকৰী কৰা উচিত নহয় 5G ইণ্টাৰনেট৷ যাত্ৰীৰ উপৰি বিমানৰ ক্ষেত্ৰতো ই প্ৰবাৱ পেলায়৷ 5G কাৰ্যকৰী হোৱাৰ পাছতেই Emirates য়েও প্ৰকাশ কৰিছে উদ্বিগ্নতা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















