অব্যাহত আছে মহামাৰী কোভিডৰ ভয়াৱহ সংক্ৰমণ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে কোভিডৰ মাৰাত্মক ভেৰিয়েণ্ট অমিক্ৰণ আক্ৰান্তৰ সংখ্যা৷ দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ বিগত ২৪ ঘণ্টাত ২ লাখ ৮২ হাজাৰ ৯৭০ আক্ৰান্ত হৈছে ক’ৰোনাত৷ মৃত্যু হৈছে ৪৪১ জন কোভিড ৰোগীৰ৷
দেশত দৈনিক পজিটিভিটি ৰেট হৈছে ১৫.১৩ শতাংশ ৷ বৰ্তমানলৈকে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৮, ৯৬১ লৈ বৃদ্ধি৷ ইফালে কোভিড আক্ৰান্তৰ সংখ্যা এদিনতে বৃদ্ধি হৈছে ৪৪, ৯৫২ জন৷ এই সংখ্যা স্বাভাৱিকতেই উদ্বেগজনক৷ ইফালে স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি আগন্তুক ৩ সপ্তাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌৰ চৰম পৰ্যায়ত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷
ইফালে অসমতো কোভিডৰ ভয়ংকৰ সংক্ৰমণ৷ যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ৮,০৭২ গৰাকী৷ কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত ১,৯৯৬ জন৷ মৃত্যু ১৬ গৰাকী আক্ৰান্তৰ৷ ৰাজ্যত পজিটিভিটীৰ হাৰ ১২.৬২ শতাংশ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ