অচিৰেই অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ ৩২০ টা খালী পদত নিয়োগ কৰিব প্ৰাৰ্থী৷ ইতিমধ্যে এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে State Level Recruitment Board, Assamৰ অধ্যক্ষই৷ আৱেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী৷ প্ৰকাশিত বিজ্ঞাপন অনুসৰি, কামোণ্ডো বেটেলিয়ান আৰু কনিষ্টবলৰ পদসমূহ পূৰণ কৰা হ’ব৷ মুঠ ৩২০ টা পদৰ ভিতৰত ৩১৪ টা পদ পুৰুষ কনিষ্টবল আৰু ৬ টা পদ মহিলাৰ বাবে সংৰক্ষিত৷ প্ৰাৰ্থীৰ বয়স হ’ব লাগিব ১ জানুৱাৰী ২০২১ লৈ ২০-২৪ বছৰ৷ সংৰক্ষিত প্ৰাৰ্থীয়ে বয়সৰ ঊৰ্ধসীমাত চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আৱেদনকাৰী কলা, বাণিজ্য অথবা বিজ্ঞান স্নাতক হ’ব লাগিব৷ শেহতীয়াভাৱে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ এইবাৰ উভয়লিংগৰ ব্যক্তিয়ে আৱেদন কৰিব পাৰিব খালী হৈ থকা পদৰ বাবে৷ অসম আৰক্ষীৰ ৱেৱচাইত উপলব্ধ প্ৰাৰ্থীৰ যোগ্যতা সন্দৰ্ভত৷ অসম আৰক্ষীৰ অফিচিয়েল ৱেৱচাইট www.slprbassam.in যোগে আনলাইন আৱেদন দাখিল কৰিব পাৰিব৷ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া অব্যাহত থাকিব ২১ জানুৱাৰীলৈ৷ ৱেৱচাইটত গৈ উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব খালী হৈ থকা পদসমূহৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ