৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা
ভূমিকম্পৰ বাবে পুনৰ কঁপি উঠিল জাপান, বহু চহৰত কম্পন অনুভৱ হয়। বৃহস্পতিবাৰে পুনৰ দক্ষিণ জাপানত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ পিছত জাপানে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। দক্ষিণ জাপানত ০৭:৫০ জিএমটি বজাত ছুনামীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
জাপান বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক সতৰ্কবাণী। ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা ৭.১ প্ৰাবল্য। জাপানৰ মিয়াজাকি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।
প্ৰবল ভূমিকম্পৰ বাবে ছুনামীৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। জাপানৰ উপকূলীয় অঞ্চল বিশেষকৈ মিয়াজাকি, কোচি, ইহিমে, কাগোছিমা আৰু আইটাৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে এটা টাস্ক ফ’ৰ্চো গঠন কৰিছে।
কিউছু চহৰৰ ভূমিকম্পৰ কেন্দ্ৰ প্ৰায় ৮.৮ কিলোমিটাৰ তলত আছিল । সেয়েহে মিয়াজাকি, কোচি, কাগোছিমা আৰু ইহিমে চহৰত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। কিউছুৰ মিয়াজাকিত দেখা গৈছে এক মিটাৰ উচ্চতাৰ সাগৰৰ ঢৌ।
প্ৰাপ্ত খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু নিচিনানৰ পৰা ২০ কিলোমিটাৰ উত্তৰ-পূবে ২৫ কিলোমিটাৰ গভীৰতাত আছিল। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি জাপানৰ দক্ষিণৰ কিউছু আৰু শ্বিকোকু দ্বীপসমূহৰ উপকূলীয় অঞ্চলসমূহৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি মিয়াজাকিৰ উপকূলৰ পৰা ২০ মাইলতকৈও কম দূৰত্বত এই ভূমিকম্পটো সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















