৭ দিনৰ জিম্মালৈ কেজৰিৱাল, সকাহ নাপালে ন্যায়ালয়ৰ পৰা
সুৰা নীতি কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। অৱশেষত ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক।
আদালতত ৩২ পৃষ্টাৰ আবেদন দাখিল ইডিৰ। সেই ৩২ পৃষ্টাৰ আবেদনত ইডিৰ দাবী – ৬০০ কোটি টকাৰ কেলেংকাৰী কৰা হৈছে। আৰু এই কেলেংকাৰীৰ মূল ষড়যন্ত্ৰ কৰিছে কেজৰিৱালে নিজেই। লগতে কেজৰিৱালে দক্ষিণৰ লবীৰ উৎকোচ লৈ কে. কবিতাৰ সৈতে মিলি সাল-সলনি কৰিছিল ২০২১ সুৰা নীতি তথা আৱকাৰী নাতি।
গোৱাৰ নিৰ্বাচনৰ উদ্দেশ্যে হৈছিল এই সকলো কেলেংকাৰী। গোৱাৰ বিধানসভা নিৰ্বাচনত খৰচ হৈছিল টকা। হাৱালাৰে ৪৫ কোটি টকা দিল্লীৰ পৰা গোৱালৈ সৰবৰাহ কৰা হৈছিল।
ইডিয়ে ৩২ পৃষ্টাৰ আবেদন দাখিল কৰি ১০ দিনৰ জিম্মালৈ বিচাৰিছিল কেজৰিৱালক। পাছত দুয়োপক্ষৰ ভাষ্য শুনি সন্ধিয়ালৈ ৰায় দিয়ে, ৭ দিনৰ বাবেহে ইডিৰ জিম্মালৈ দিলে কেজৰিৱালক।
কালি নিশা ৯ বজাত গ্ৰেপ্তাৰ কৰা হয় কেজৰিৱালক। গ্ৰেপ্তাৰৰ পাছতে কালি নিশাটো ইডিৰ কাৰ্যালয়তে কটালে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে।
আনহাতে কেজৰিৱালৰ অধিৱক্তা তথা কংগ্ৰেছ নেতা অভিষেক মনু সিংভী সহ তিনিগৰাকী অধিবক্তাই কয় যে, কেজৰিৱালৰ এই গ্ৰেপ্তাৰ ভিত্তিহীন। সকলো অভিযোগ মনেসজা। কেজৰিৱালৰ ঘৰত তালাচীৰ সময়ত কোনো ধৰণৰ সন্দেহজনক উদ্ধাৰ নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ