অসম লাইভ২৪ঃ আম্বানী পৰিয়ালত অচিৰেই অনুষ্ঠিত হ’ব এখন বিয়া৷ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ বাবে প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰিছে আম্বানী পৰিয়ালে৷ বাগদান পৰ্ব কেইমাহমান পূৰ্বেই সম্পন্ন হৈছে৷ বাল্যকালৰেই বন্ধু ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিয়াত বহিব অনন্ত আম্বানী৷ এই বিবাহক নজৰত ৰাখিছে প্ৰায়সংখ্যক নেটিজেনেই৷ নজৰ দিবলগীয়া কথাও৷ কাৰণ আম্বানী পৰিয়ালত পূৰ্বে যিকেইখন বিবাহৰ অনুষ্ঠান আয়োজিত হৈছিল সকলোবোৰ অনুষ্ঠানেই আছিল চমক দিয়া৷ এইবাৰ সৰু পুত্ৰৰ বিয়াতো নিশ্চয় আম্বানী পৰিয়ালে ব্যতিক্ৰমী কিবা অনুষ্ঠানেই ৰাখিব৷
ইয়াৰ পূৰ্বে আকাশ আৰু কন্যা ইশাৰ বিয়াতো আম্বানীয়ে দেখুৱাইছিল বিশেষ চমক৷ আম্বানী পৰিয়ালৰ একমাত্ৰ কন্যা ইশাৰ বিয়াৰ বাজেট আছিল প্ৰায় ৭০০ কোটি৷ কন্যাক উপহাৰ হিচাপেই আম্বানীয়ে দিছিল ৪৫০ কোটিটকীয়া এটা বিলাসবহুল বাংলো৷ ইশাই বিবাহৰ দিনা পৰিধান কৰা লেহেংগাৰ দামেই আছিল ৯০ কোটি৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত হিৰা ব্যৱসায়ী আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আম্বানী কন্যা ইশা৷ বলীউড তাৰকাৰ পৰা হলীউড তাৰকালৈকে সকলোৱেই এই বিয়াত অংশ লৈছিল৷ হলীউডৰ পপ চিংগাৰ বিয়ন্সৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চন, ঐশ্বৰ্য্য ৰায় বচ্চন, শচীন তেণ্ডুলকাৰ সকলোৱেই উপস্থিত আছিল সেই বিবাহৰ অনুষ্ঠানত৷ সকলোবোৰৰ মাজতেই ইশাৰ বিয়াৰ প্ৰধান আকৰ্ষণ আছিল ইশাৰ লেহেংগা৷ কেৱল ডিজাইনৰ বাবেই নহয় দামৰ বাবেও এই লেহেংগাই চৰ্চা লাভ কৰিছিল৷
সন্দীপ খোছলাই ডিজাইন কৰা এই লেহেংগা ইশাই তৈয়াৰ কৰিছিল নিজৰ মাতৃ নীতা আম্বানীৰ বিয়াৰ শাৰীৰে৷ ইশাৰ বিয়াৰ ৩৫ বছৰ পূৰ্বে মাতৃ নীতাই এই বিশেষ শাৰী তেওঁৰ বিয়াত পৰিধান কৰিছিল৷ মাতৃৰ সেই শাৰীৰেই তৈয়াৰ কৰা হৈছিল ইশাৰ লেহেংগা৷ এই লেহেংগা তৈয়াৰৰ বাবেই আম্বানীয়ে ব্যয় কৰিছিল ৯০ কোটি৷ লেহেংগাৰ সৈতে আছিল দুখন দুপাত্তা৷ গাঢ় ৰঙা ৰঙৰ দুপাত্তা কান্ধত লৈছিল ইশাই৷ মূৰত লৈছিল ধূসৰ ৰঙৰ ছিকুইনৰ কাম কৰা দুপাত্তা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ