অসম লাইভ ২৪ঃ কোভিড ভেকচিন ‘কোভিশ্বিল্ড’ৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকে ভ্ৰমণ কৰিব পাৰিব ইউৰোপ। বৃহস্পতিবাৰে ইউৰোপৰ ৯ খন দেশে সেউজ সংকেত প্ৰদান কৰে কোভিশ্বিল্ডক। অষ্ট্ৰিয়া, জাৰ্মানী, স্ল’ভেনিয়া, গ্ৰীচ, আইচলেণ্ড, আয়াৰলেণ্ড, স্পেইন, এষ্ট’নিয়া আৰু ছুইজাৰলেণ্ডে ছিৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ডক মান্যতা প্ৰদান কৰে। পূৰ্বে কোভিশ্বিল্ড আৰু কোভাক্সিন গ্ৰহণ কৰা সকলক ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহে অনুমতি প্ৰদান কৰা নাছিল। এনেক্ষেত্ৰত কোভিশ্বিল্ডক লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত মতবিৰোধৰ সৃষ্টি হৈছিল। ফলত ইউৰোপীয়ান ইউনিয়নৰ নাগৰিক ভাৰতলৈ আহিলে কোৱাৰেণ্টিন বাধ্যতামূলক বুলি ভাৰতে স্পষ্ট কৰি দিয়ে। ভাৰতৰ এনে স্থিতিৰ পাছতে কোভিশ্বিল্ড আৰু কোভাক্সিনক মান্যতা প্ৰদান কৰে ইউৰোপৰ ৯খন দেশে। উল্লেখ্য, পূৰ্বে ইউৰোপীয়ান ইউনিয়নে মান্যতা প্ৰদান কৰিছিল মডাৰ্ণা, ফাইজাৰ বায়’এনটেক, জনছন এণ্ড জনছন আৰু ভেক্সজেভ্ৰিয়া ভেকচিনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















