অসম লাইভ ২৪ঃ বিশ্বৰ সৰ্বকনিষ্ঠ দবা খেলুৱৈ হিচাপে বিশ্ব অভিলেখ গঢ়িলে আমেৰিকাৰ প্ৰবাসী ভাৰতীয় অভিমন্যু মিশ্ৰই। মাত্ৰ ১২ বছৰ বয়সতেই গ্ৰেণ্ড মাষ্টাৰৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে অভিমন্যুই। হাংগেৰীত চলি থকা এখন দবা প্ৰতিযোগিতাত ২৫০০ এল’ ৰেটিং লাভ কৰি বিশ্ব অভিলেখ গঢ়িছে খেলুৱৈগৰাকীয়ে। গ্ৰেণ্ড মাষ্টাৰ ছাৰ্জি কাৰ্জাকিনৰ ১৯ বছৰৰ অভিলেখ ভংগ কৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হৈছে অভিমন্যু মিশ্ৰ। আমেৰিকাৰ নিউ জাৰ্চীৰ নিবাসী অভিমন্যু মিশ্ৰৰ জন্ম হৈছিল ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত। অতি কম বয়সতেই সৰ্বকনিষ্ঠ দবাৰুৰ বিশ্ব অভিলেখ গঢ়ি স্বাভাৱিকতেই উৎফুল্লিত অভিমন্যু মিশ্ৰ তথা খেলুৱৈগৰাকীৰ পিতৃ-মাতৃ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ